অসম

assam

ETV Bharat / bharat

হিংসাজৰ্জৰ মণিপুৰলৈ কেন্দ্ৰীয় বাহিনীৰ অতিৰিক্ত ২০ টা কোম্পানী প্ৰেৰণ - MANIPUR VIOLENCE

গৃহ মন্ত্ৰণালয়ে চি আৰ পি এফৰ ১৫ টা কোম্পানী আৰু বি এছ এফৰ পাঁচটা কোম্পানীক ততাতৈয়াকৈ মণিপুৰলৈ প্ৰেৰণৰ সিদ্ধান্ত লৈছে ।

Manipur Violence
হিংসাজৰ্জৰ মণিপুৰলৈ কেন্দ্ৰীয় বাহিনীৰ অতিৰিক্ত ২০ টা কোম্পানী প্ৰেৰণ (AP)

By ETV Bharat Assamese Team

Published : Nov 13, 2024, 6:01 PM IST

গুৱাহাটী :শেহতীয়াকৈ পুনৰ উত্তপ্ত হৈ পৰিছে মণিপুৰৰ পৰিস্থিতি । অগ্নিগৰ্ভা মণিপুৰত বিগত এটা সপ্তাহত পৰিস্থিতি অধিক ভয়াৱহ হৈ পৰিছে । বিশেষকৈ মণিপুৰৰ জিৰিবাম অঞ্চলত সংঘটিত হৈছে ব্যাপক হিংসাত্মক ঘটনা । যাৰ বাবে কেন্দ্ৰীয় চৰকাৰে পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে বৰ্তমান ৰাজ্যখনত থকা নিৰাপত্তা বাহিনীক সহায় কৰিবলৈ কেন্দ্ৰীয় সশস্ত্ৰ অৰ্ধসামৰিক বাহিনীৰ (চি এ পি এফ) 20 টা অতিৰিক্ত কোম্পানী মণিপুৰলৈ ততালিকে প্ৰেৰণৰ সিদ্ধান্ত লৈছে ।

সূত্ৰত প্ৰকাশ পোৱা অনুসৰি, গৃহ মন্ত্ৰণালয়ে শেহতীয়াকৈ সংঘটিত হিংসাত্মক ঘটনাৰ বাবে চি আৰ পি এফৰ ১৫ টা কোম্পানী আৰু বি এছ এফৰ পাঁচটা কোম্পানীক ততাতৈয়াকৈ মণিপুৰলৈ প্ৰেৰণ কৰিবলৈ অনুমোদন জনাইছে । ৰাজ্যখনত চি এ পি এফৰ এই অতিৰিক্ত 20 টা কোম্পানীৰ সৈতে বৰ্তমান মণিপুৰত মুঠ 218 টা কেন্দ্ৰীয় বাহিনীৰ কোম্পানী মোতায়েন কৰা হ'ব ।

ইফালে জিলা প্ৰশাসনৰ কাৰ্ফিউ আৰু বিভিন্ন জনজাতীয় সংগঠনৰ বন্ধৰ আহ্বানৰ মাজতে বুধবাৰে পুৱা সন্দেহযুক্ত দুৰ্বৃত্তই জাতিগত হিংসাত জৰ্জৰিত ৰাজ্যখনলৈ অত্যাৱশ্যকীয় সামগ্ৰী কঢ়িয়াই নিয়া দুখন ট্ৰাকত অগ্নিসংযোগ কৰে ।

উল্লেখ্য যে বৃহস্পতিবাৰৰ পৰা মণিপুৰৰ জিৰিবাম জিলাত নতুনকৈ হিংসাত্মক ঘটনা আৰম্ভ হয় । উক্তদিনা সশস্ত্ৰ দুৰ্বৃত্তই এখন গাঁৱত কমেও দহটা ঘৰত অগ্নিসংযোগ কৰে আৰু এগৰাকী মহিলাক জীৱন্তে জ্বলাই দিয়ে । আনহাতে, শনিবাৰে ইয়াৰ প্ৰত্যাক্ৰমণত বিষ্ণুপুৰৰ এখন গাঁৱত সশস্ত্ৰ দুৰ্বৃত্তই আন এগৰাকী মহিলাক হত্যা কৰে ।

ইফালে সোমবাৰে জিৰিবামৰ জাকুৰাধোৰ অঞ্চলত নিয়োজিত চি আৰ পি এফ বাহিনীয়ে এক সংঘৰ্ষত ১০ সশস্ত্ৰ দুৰ্বৃত্তক হত্যা কৰে । আৰক্ষীয়ে প্ৰকাশ কৰা অনুসৰি, সশস্ত্ৰ দুৰ্বৃত্তৰ দলটোৱে এখন আৰক্ষী থানাত আক্ৰমণ কৰিবলৈ গৈছিল, য'ত কিছু গৃহহাৰা লোকে আশ্ৰয় গ্ৰহণ কৰি আছিল ।

আৰক্ষীয়ে অঞ্চলটোৰ পৰা দুজন লোকৰ মৃতদেহ উদ্ধাৰ কৰাৰ লগতে আন তিনিগৰাকী মহিলা আৰু তিনিটা শিশুসহ ছয়গৰাকী লোক এতিয়াও সন্ধানহীন হৈ আছে ।

ইয়াৰ মাজতে আৰক্ষীয়ে সশস্ত্ৰ দুৰ্বৃত্ত বুলি দাবী কৰি হত্যা কৰা ১০ জন লোকক কুকি আৰু হমাৰ সংগঠনে 'গাঁৱৰ স্বেচ্ছাসেৱক' বুলি অভিহিত কৰাৰ ফলত পৰিস্থিতিৰ অধিক অৱনতি ঘটিছে । কুকি আৰু হমাৰ সংগঠনসমূহে চি আৰ পি এফ জোৱানৰ এই হত্যাকাণ্ডৰ প্ৰতিবাদত সকলো পাহাৰীয়া অঞ্চলত বন্ধৰ আহ্বান জনায় ।

আনহাতে, বুধবাৰে লংমাই, ননি আৰু তামেংলং জিলালৈ চাউল, পিয়াঁজ আৰু আলু কঢ়িয়াই নিয়া দুখন ট্ৰাক ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথত সশস্ত্ৰ দুৰ্বৃত্তই ৰখাই অগ্নিসংযোগ কৰে ।

উল্লেখ্য যে মণিপুৰৰ দুটা সম্প্ৰদায়ৰ মাজত সংঘটিত জাতিগত সংঘৰ্ষৰ ফলত সমগ্ৰ ৰাজ্যখন জ্বলি আছে । সংখ্যাগৰিষ্ঠ মেইটেই আৰু সংখ্যালঘু কুকি জনজাতিৰ মাজত বিগত বছৰৰ মে' মাহৰ পৰা এই জাতিগত হিংসা চলি আছে । এই হিংসাত্মক ঘটনাৰ ফলত এতিয়ালৈকে উত্তৰ-পূবৰ ৰাজ্যখনত দুয়োটা সম্প্ৰদায়ৰে ২৪০ জনৰো অধিক লোক হত্যাৰ বলি হৈছে আৰু ৬৫,০০০ তকৈও অধিক লোক গৃহহীন হৈছে ।

লগতে পঢ়ক :মণিপুৰত পুনৰ ৰক্তপাত: জিৰিবামত নিধন ১০ সন্দেহযুক্ত কুকি উগ্ৰপন্থীক
লগতে পঢ়ক :মণিপুৰৰ হিংসাত মহিলাৰ মৃত্যু; মৰণোত্তৰ পৰীক্ষাৰ বাবে শিলচৰলৈ প্ৰেৰণ মৃতদেহ

ABOUT THE AUTHOR

...view details