অসম

assam

একেটা কোঠাতে দুখন বিদ্যালয় ! 10 টা শ্ৰেণীত 70 গৰাকী শিক্ষাৰ্থী - School Education

By ETV Bharat Assamese Team

Published : Jul 10, 2024, 3:00 PM IST

Poor School Facilities : এটা কোঠাত দুটা শ্ৰেণীৰ পাঠদান পৰিচালনা কৰাটো সাধাৰণতে বিভিন্ন ঠাইত পৰিলক্ষিত হয় । কিন্তু একেটা কোঠাতে একেলগে দুখন বিদ্যালয়ৰ ১০ টা শ্ৰেণীৰ ৭০ গৰাকী ছাত্ৰ-ছাত্ৰীক পাঠদান কৰাই থকা হৈছে ।

Poor School Facilities
একেটা কোঠাত দুখন বিদ্যালয়ৰ পাঠদান (ETV Bharat)

নিউজ ডেস্ক, ১০ জুলাই : কেৱল অসমতে নহয়, সমগ্ৰ দেশতে চৰকাৰী শিক্ষা ব্যৱস্থাৰ পুতৌলগা অৱস্থাৰ ছবি এতিয়াও সুলভ । শিক্ষা আন্তঃগাঁথনিৰ এই শোচনীয় অৱস্থাৰ বাবে দিনক দিনে চৰকাৰী শিক্ষানুষ্ঠানত ছাত্ৰ-ছাত্ৰীৰ সংখ্যা ক্ৰমান্বয়ে কমি অহাৰ অভিযোগ উঠিছে । বিদ্যালয়ৰ শোচনীয় আন্তঃগাঁথনি, শ্ৰেণীকোঠাৰ অভাৱ, ছাত্ৰ-ছাত্ৰী অনুপাতে শিক্ষকৰ অভাৱ আদি এশ এবুৰি সমস্যাত ককবকাই আছে দেশৰ চৰকাৰী শিক্ষা ব্যৱস্থা । তাৰ মাজতে এখন অকল্পনীয় ছবি পোহৰলৈ আহিছে তেলেংগানাৰ মানচিৰিয়ালাৰ পৰা ।

এটা কোঠাত দুটা শ্ৰেণীৰ পাঠদান পৰিচালনা কৰাটো সাধাৰণতে বিভিন্ন ঠাইত মাজে-সময়ে পৰিলক্ষিত হয় । কিন্তু মানচিৰিয়ালা জিলাৰ ভিমিনি মণ্ডলৰ কেছলাপুৰৰ ওচৰৰ এখন গাঁও গাট্টুপল্লিত একেটা কোঠাতে একেলগে চলি আছে দুখন বিদ্যালয় । উল্লেখ্য, জহি-খহি যোৱাৰ বাবে কেছলাপুৰ প্ৰাথমিক বিদ্যালয়ৰ ভৱনটো ভাঙি পেলোৱা হয় । ফলত বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীসকলক একেখন পঞ্চায়তৰ গাট্টুপল্লী বিদ্যালয়লৈ স্থানান্তৰ কৰা হয় । কিন্তু তাত মাত্ৰ এটা কোঠা আৰু এখন বাৰাণ্ডাহে আছে । যাৰ বাবে বৰ্তমান তাত দুখন বিদ্যালয়ৰ 70 গৰাকী শিক্ষাৰ্থীক এটা সৰু কোঠাতে পাঠদান কৰাই থকা হৈছে । ইয়াৰ ফলত যথেষ্ট অসুবিধাৰ সন্মুখীন হৈছে ।

ইয়াৰ উপৰি এই শ্ৰেণীকোঠাটোতে এই দুখন বিদ্যালয়ৰ প্ৰথমৰ পৰা পঞ্চম শ্ৰেণীৰ সকলো শিক্ষাৰ্থীক পাঠদান কৰি থকা হৈছে । আনহাতে, দুয়োখন বিদ্যালয়ৰ চাৰিগৰাকী শিক্ষকৰ ভিতৰত এগৰাকী ডেপুটেচনত গৈছে আৰু তিনিগৰাকীয়ে পাঠদান কৰি আছে । অৱশ্যে কেছলাপুৰ বিদ্যালয়ৰ বাবে 'মানা উৰু-মানা বাড়ি'ৰ অধীনত 12 লাখ টকাৰ পুঁজি মঞ্জুৰ কৰা হৈছে । গাট্টুপল্লী বিদ্যালয় ভৱনৰ কাষত ঠিকাদাৰে কাম আৰম্ভ কৰিছে যদিও প্ৰয়োজনীয় বিল পৰিশোধ নকৰা বাবে তেওঁলোক কাম আধাতে বন্ধ কৰি ৰাখিছে ।

ইটিভি ভাৰতৰ তৰফ পৰা যেতিয়া বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি মহেশ্বৰ ৰেড্ডীক এই বিষয়ে সোধা হয়, তেওঁ কয় যে পুৰণি ভৱনটো ভাঙি উক্ত স্থানত নতুন অট্টালিকা এটা নিৰ্মাণ কৰা হ'লে কোনো সমস্যা নহ'ব । তেওঁ কয় যে গাটুপল্লীত নিৰ্মাণকাৰ্যত এক কাৰিকৰী সমস্যাৰ উদ্ভৱ হৈছিল । তেওঁ কয় যে সম্পত্তিৰ গৰাকীয়ে কোনো ধন লাভ কৰা নাই । কিয়নো ভৱনটোৰ ফটো অনলাইনত পঞ্জীয়ন কৰা হোৱা নাই ।

লগতে পঢ়ক :PRC ক লৈ পয়মাল ! চৰকাৰৰ অনুমতিবিহীন নিৰ্দেশনা দি পুনৰ প্ৰত্যাহাৰ কৰিবলৈ বাধ্য হ’ল উচ্চ শিক্ষা সঞ্চালকালয় - Ranoj Pegu on DHE order
লগতে পঢ়ক :13 টা বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ বাবে 7 ৰাজ্যত আৰম্ভ ভোটগ্ৰহণ - Assembly by Election

ABOUT THE AUTHOR

...view details