অসম

assam

By ETV Bharat Assamese Team

Published : 5 hours ago

ETV Bharat / bharat

জম্মু-কাশ্মীৰ নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ; বিদেশী মিছনৰ কূটনীতিবিদৰ দলে নিৰীক্ষণ কৰিব নিৰ্বাচন - JK Assembly Polls

Second Phase of JK Assembly Polls: জম্মু আৰু কাশ্মীৰ নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ বাবে ভোটদান আৰম্ভ হৈছে । ভোটগণনা ৮ অক্টোবৰত অনুষ্ঠিত হ'ব ৷ গুৰুত্বপূৰ্ণ প্ৰতিদ্বন্দ্বীৰ ভিতৰত আছে নেচনেল কনফাৰেন্সৰ উপ-সভাপতি ওমৰ আব্দুল্লাহ ৷ জম্মু-কাশ্মীৰ বিধানসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায় নিৰীক্ষণৰ বাবে, কমেও 16 টা বিদেশী মিছনৰ কূটনীতিবিদৰ এটা গোট বুধবাৰে শ্ৰীনগৰত উপস্থিত হ'ব ৷

16 Foreign Missions To Monitor Second Phase
Second Phase of JK Assembly Polls (PTI)

নিউজ ডেস্ক, 25 ছেপ্টেম্বৰ: কেন্দ্ৰীয় শাসিত অঞ্চল জম্মু কাশ্মীৰত বুধবাৰে পুৱা ৭ বজাৰ পৰা ভোটগ্ৰহণ আৰম্ভ হৈছে ৷ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচত ২৫ লাখ যোগ্য ভোটাৰে ২৬ খন বিধানসভাৰ আসনৰ বাবে ২৩৯ জন প্ৰাৰ্থীৰ মাজৰ পৰা নিজৰ প্ৰতিনিধি নিৰ্বাচন কৰিব । ভাৰতীয় নিৰ্বাচন আয়োগৰ তথ্য অনুসৰি তেওঁলোকে ৩৫০২ টা ভোটকেন্দ্ৰ স্থাপন কৰিছে ইয়াৰে ১০৫৬ টা নগৰীয়া ভোটকেন্দ্ৰ আৰু ২৪৪৬ টা গ্ৰাম্য ভোটকেন্দ্ৰ । এই সকলোবোৰ ভোটকেন্দ্ৰতে স্বচ্ছতা নিশ্চিত কৰিবলৈ ৱেবকাষ্টিঙৰ সুবিধা আছে ।

নিয়মীয়া ভোটগ্ৰহণ কেন্দ্ৰৰ উপৰিও আয়োগে ২৬ টা মহিলাৰ দ্বাৰা পৰিচালিত ভোটকেন্দ্ৰ(গোলাপী ভোটকেন্দ্ৰ), ২৬ টা বিশেষভাৱে সক্ষম লোকৰ দ্বাৰা পৰিচালিত, ২৬ টা যুৱক-যুৱতীৰ দ্বাৰা পৰিচালিত, ৩১ টা সীমান্ত ভোট কেন্দ্ৰ, ২৬ টা সেউজ ভোট কেন্দ্ৰ আৰু ২২ টা অনন্য ভোটকেন্দ্ৰকে ধৰি মুঠ ১৫৭ বিশেষ ভোটগ্ৰহণ স্থাপন কৰিছে ৷ সন্ধিয়া ৬ বজাত ভোটদানৰ সামৰণি পৰিব ।

দ্বিতীয় পৰ্যায়ৰ যুঁজৰ মূল প্ৰাৰ্থীৰ ভিতৰত আছে প্ৰাক্তন মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লা, জেকেপিচিচিৰ সভাপতি তাৰিক হামিদ কাৰা আৰু বিজেপিৰ জম্মু-কাশ্মীৰৰ মুৰব্বী ৰবিন্দৰ ৰাইনা ।

জম্মু-কাশ্মীৰ বিধানসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ নিৰীক্ষণৰ বাবে বুধবাৰে আমেৰিকা যুক্তৰাষ্ট্ৰ, ইউৰোপীয় ইউনিয়ন, ৰাছিয়া আৰু অষ্ট্ৰেলিয়াকে ধৰি কমেও ১৬ টা বিদেশী মিছনৰ কূটনীতিবিদসকলৰ এটা উচ্চ স্তৰীয় প্ৰতিনিধি দল ৰাজধানী চহৰ শ্ৰীনগৰত অৱতৰণ কৰিব । কেন্দ্ৰীয় চৰকাৰে প্ৰথমবাৰৰ বাবে আন্তঃৰাষ্ট্ৰীয় কূটনীতিবিদসকলক কেন্দ্ৰীয় শাসিত অঞ্চলত নিৰ্বাচনী প্ৰক্ৰিয়া পৰ্যবেক্ষণ কৰিবলৈ আমন্ত্ৰণ জনাইছে ।

কেন্দ্ৰীয় বৈদেশিক পৰিক্ৰমা মন্ত্ৰণালয়ৰ চাৰিজন প্ৰতিনিধিকো অন্তৰ্ভুক্ত কৰা ২০ জনীয়া প্ৰতিনিধিদলৰ ভ্ৰমণৰ লক্ষ্য হৈছে নিৰ্বাচন শান্তিপূৰ্ণভাৱে সম্পাদন কৰা আৰু ভোটাৰৰ শক্তিশালী ভোটদান সুনিশ্চিত কৰা । বিষয়াসকলে কৈছে যে এই পদক্ষেপটো মসৃণ আৰু সুৰক্ষিত নিৰ্বাচন প্ৰক্ৰিয়াক আলোকপাত কৰাৰ এক বহল প্ৰচেষ্টাৰ অংশ ।

দলটোৱে আজি ৰাষ্ট্ৰীয় ৰাজধানী নতুন দিল্লীৰ পৰা ৰাওনা হৈছে আৰু দিনটো কাশ্মীৰৰ বিভিন্ন অঞ্চলত ভোটদান পৰ্যবেক্ষণ কৰাৰ কথা । সূত্ৰসমূহে ইটিভি ভাৰতক জনাইছে যে কূটনীতিবিদসকলে বুদগাম আৰু শ্ৰীনগৰৰ সমষ্টিসমূহ পৰিদৰ্শন কৰিব, কিন্তু সম্ভৱতঃ জম্মু অঞ্চলটো বাদ দিব ।

আগষ্টৰ শেষৰ ফালে ভাৰতত থকা আমেৰিকা যুক্তৰাষ্ট্ৰৰ মিছনৰ প্ৰতিনিধিসকলৰ কাশ্মীৰ ভ্ৰমণৰ কেইসপ্তাহমানৰ পিছতে এই ভ্ৰমণ কৰা হৈছে । সেই ভ্ৰমণৰ সময়ত ৰাজনৈতিক পৰিক্ৰমা মন্ত্ৰী-পৰামৰ্শদাতা গ্ৰাহাম মেয়াৰ আৰু প্ৰথম সচিব গেৰী এপলগাৰ্থে প্ৰাক্তন মুখ্যমন্ত্ৰী ওমৰ আব্দুল্লা আৰু জম্মু-কাশ্মীৰ পিপলছ কনফাৰেন্সৰ মুৰব্বী চাজাদ লোনকে ধৰি গুৰুত্বপূৰ্ণ ৰাজনৈতিক ব্যক্তিসকলৰ সৈতে সাক্ষাৎ কৰে ।

ইয়াৰ উপৰিও, যোৱা বছৰৰ জি-২০ সন্মিলনৰ সময়ত জি-২০ ৰাষ্ট্ৰসমূহৰ বিদেশী প্ৰতিনিধিসকলে শ্ৰীনগৰত এক পৰ্যটন মেজমেলত অংশগ্ৰহণ কৰিছিল । ২০১৯ চনত জম্মু আৰু কাশ্মীৰৰ বিশেষ মৰ্যাদা বাতিল কৰাৰ পিছত ইয়াত প্ৰথম বিধানসভা নিৰ্বাচন অনুষ্ঠিত হৈছে । এই পৰ্যায়ত ভোটদানক অঞ্চলটোৰ বিকশিত ৰাজনৈতিক দৃশ্যপটত এক ঐতিহাসিক পদক্ষেপ হিচাপে দেখা যায় ।

লগতে পঢ়ক:জম্মু-কাশ্মীৰ নিৰ্বাচন : দ্বিতীয় পৰ্যায়ত ২৩৯ গৰাকী প্ৰাৰ্থীৰ মাজত হ'ব প্ৰতিদ্বন্দ্বিতা - JK Assembly polls 2024

জম্মু-কাশ্মীৰ বিধানসভা নিৰ্বাচন: তাৎপৰ্যপূৰ্ণভৱে বৃদ্ধি মহিলা আৰু নতুন ভোটাৰৰ সংখ্যা - Jammu Kashmir Elections 2024

ABOUT THE AUTHOR

...view details