thumbnail

By

Published : Apr 22, 2021, 10:40 AM IST

ETV Bharat / Videos

কন্ঠশিল্পী ভিতালী দাসৰ মৃত্যুত শোক প্ৰকাশ জুবিন গাৰ্গৰ

কন্ঠশিল্পী ভিতালী দাসৰ মৃত্যুত ৰাজ্যজুৰি পৰিছে শোকৰ ছাঁ ৷ জানমণি, অঞ্জনাকে ধৰি বিভিন্ন বিহুগীতৰ লগতে আধুনিক গীত ৰাজ্যবাসীক উপহাৰ দিয়া কণ্ঠশিল্পীগৰাকীৰ মৃত্যুৱে জোঁকাৰি গৈছে ৰাজ্যৰ সাংস্কৃতিক মহল ৷ গৰু বিহুৰ দিনা মহানগৰীৰ লতাশিলৰ বিহুৰ অনুষ্ঠানত গীত পৰিবেশন কৰিবলৈ গৈ হঠাতে অসুস্থ হৈ পৰিছিল শিল্পীগৰাকী ৷ ততাতৈয়াকৈ চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় যদিও পাচলৈ ক'ৰণা ভাইৰাচত আক্ৰান্ত হৈ বুধবাৰে সন্ধিয়া কালাপাহাৰস্থিত ক'ভিড চিকিৎসালয়ত শেষ নিশ্বাস ত্যাগ কৰে ৷ শিল্পীগৰাকীৰ মৃত্যুত শোকত ভাগি পৰিছে যুৱ প্ৰজন্মৰ হাৰ্ট থ্ৰৱ জুবিন গাৰ্গ ৷ একেলগে একেখন মঞ্চতে গীত পৰিৱেশন কৰাৰ লগতে কেইবাহাজাৰো গীতত একেলগে কন্ঠদান কৰা সহশিল্পীগৰাকীৰ মৃত্যুক সহজভাৱে ল'ব পৰা নাই জুবিন গাৰ্গে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.