অসম আৰক্ষীত নিযুক্তি লাভ কৰি মুখ্যমন্ত্ৰীক ধন্যবাদ জনালে ৰমিজ আলীয়ে

By

Published : Sep 18, 2022, 5:17 PM IST

thumbnail

আজি ঘোষণা হ’ল অসম আৰক্ষীৰ নিযুক্তি পৰীক্ষাৰ ফলাফল (Assam Police Recruitment 2022) ৷ বৰপেটাত অসম আৰক্ষীৰ উপ-পৰিদৰ্শক পদত উজলিল এজন যুৱক ৷ কঠোৰ পৰিশ্ৰম আৰু একাগ্ৰতাৰে ভেল্লা খন্দকাৰপাৰাৰ ৰমিজ আলীয়ে উপ-পৰিদৰ্শক পদত লাভ কৰিছে নিযুক্তি ৷ ৰমিজৰ পিতা পেছাত এজন ৰাজমিস্ত্ৰী ৷ পুত্ৰৰ এই সাফল্যত এতিয়া উৎফুল্লিত পিতৃ-মাতৃৰ লগতে গাঁওবাসী (Youths recruited in Assam Police) ৷ ইফালে স্বচ্ছ আৰু নিকা নিযুক্তিৰ প্ৰক্ৰিয়াৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা আৰু আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰজ্যোতি মহন্তক ধন্যবাদ জ্ঞাপন কৰিছে ৰমিজ আলীয়ে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.