Assamese youths missing abroad: মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ বিচাৰিলে পৰিয়ালৰ লোকে - Family members seek CMs intervention
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-15865538-thumbnail-3x2-krj.jpg)
‘‘মুখ্যমন্ত্ৰী ডাঙৰীয়া ৷ আপুনি বহু ভাল কাম কৰি আছে ৷ আৰু অলপ ভাল কাম কৰক ৷ আমাৰ ল’ৰা কেইটাক বিচাৰি দিয়ক’’ ৷ সংবাদ মাধ্যমৰ আগত এই মন্তব্য কৰে নুৰুল ইছলামৰ মাতৃয়ে ৷ তথ্য অনুসৰি, বহিঃৰাজ্যত সন্ধানহীন হৈছে অসমৰ ৪ যুৱক (Assamese youths missing abroad) । দুমাহ পূৰ্বে কামৰ সন্ধানত গৈছিল বহিঃ ৰাজ্যলৈ বিজনীৰ আব্দুল আমিন আৰু ৱাজেদ আলী, অভয়াপুৰীৰ নুৰুল ইছলাম আৰু ইছবপুৰৰ খাইৰুল ইছলাম ৷ তেতিয়াৰে পৰা কোনো সন্ধান নাই চাৰি যুৱকৰ ৷ এই চাৰি যুৱকক অভয়াপুৰীৰ ৰেজাউল নামৰ এজন লোকে লৈ যোৱাৰ অভিযোগ উত্থাপন কৰিছে নুৰুল ইছলামৰ আত্মীয়ই ৷ আনকি এই ঘটনা সন্দৰ্ভত নুৰুল ইছলামৰ আত্মীয়ই কাষ চাপিছিল আৰক্ষীৰ ৷ লগতে দাখিল কৰিছিল এক এজাহাৰো ৷ কিন্তু এই ক্ষেত্ৰত আৰক্ষীৰ ফালৰ পৰাও কোনো সহায়-সহযোগ নকৰাৰ অভিযোগ উত্থাপন কৰিছে নুৰুল ইছলামৰ আত্মীয়ই ৷