তেজপুৰত ব্ৰহ্মপুত্ৰত যুৱকৰ সলিল সমাধি - ব্ৰহ্মপুত্ৰ নদীত গা ধুবলৈ গৈ সলিল সমাধি
🎬 Watch Now: Feature Video
তেজপুৰ ফৰেষ্ট ঘাটত ব্ৰহ্মপুত্ৰত গা ধুবলৈ গৈ এজন লোকৰ সলিল সমাধি (Youth drowns in river Brahmaputra) । দেওবাৰে দুপৰীয়া প্ৰচণ্ড গৰমৰ ফলত নৈত গা ধুবলৈ গৈ কৰুণ মৃত্যুক সাৱতি লয় এজন যুৱকে । নিহত যুৱকজন হজৰত আলি ওৰফে বাবু আলি খান (22) বুলি জানিব পৰা গৈছে ৷ অভিযোগ অনুসৰি, বাবু আলি খানৰ বন্ধু তেজপুৰ নেপালী পট্টিৰ আবেদ আলি আৰু তেজপুৰ পৰুৱাৰ ৰিংকু আলিয়ে একেলগে সুৰা সেৱন কৰি ব্ৰহ্মপুত্ৰ নদীত জাঁপ দিছিল আৰু এই দৃশ্য মোবাইলত বন্দী কৰিছিল ৷ তাৰ পিছতে সংঘটিত হয় এই শোকাৱহ ঘটনা ৷ ইতিমধ্যে আৰক্ষীয়ে সন্দেহৰ ভিত্তিত আবেদ আলি আৰু ৰিংকু আলিক আটক কৰে ৷