thumbnail

ভাইৰেল ভিডিঅ’ : এটি শিশুক উপৰ্যুপৰি প্ৰহাৰ এগৰাকী মহিলাৰ

By

Published : May 28, 2022, 9:46 PM IST

নিৰ্মম, নিৰ্দয় ৷ এক হৃদয় বিদাৰক দৃশ্য ৷ এটি শিশুক উপৰ্যুপৰি আক্ৰমণ এগৰাকী পাষণ্ড মহিলাৰ (Woman badly attacks a child) ৷ তথ্য অনুসৰি, মহিলাগৰাকী হৈছে শিশুটিৰে মাতৃ ৷ ইফালে প্ৰাণৰ মমতাত নিষ্পাপ শিশুটিয়ে মাত্ৰ কান্দিছে আৰু কান্দিছে ৷ শিশুটিৰ কান্দোনেও যেন হৃদয় গলাব পৰা নাই মহিলাগৰাকীৰ ৷ শিশুটিক বচাবলৈ যোৱা লোকক অভব্য ব্যৱহাৰ কৰিছে মহিলাগৰাকীয়ে ৷ সম্প্ৰতি চ’চিয়েল মেডিয়াত ভাইৰেল হৈ পৰিছে এই ভিডিঅ’ (Viral video on social media) ৷ জানিব পৰা মতে, চ’চিয়েল মেডিয়াত ভাইৰেল হোৱা এই ভিডিঅ’টো গোলাঘাট জিলাৰ মেৰাপানীৰ উদয়পুৰ গাঁৱৰ ৷ পৰৱৰ্তী সময়ত মহিলাগৰাকীয়ে নিষ্পাপ শিশুটিক নিৰ্মমভাৱে প্ৰহাৰ কৰাৰ অপৰাধত ৰাজহুৱাকৈ ক্ষমা খোজে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.