বানে গৰকা জাঁজীমুখত এইবাৰ হাতীৰ গচকত পোহনীয়া গাহৰিৰ মৃত্য়ু - বানে গৰকা জাঁজীমুখত এইবাৰ হাতীৰ গচকত পোহনীয়া গাহৰি মৃত্য়ু
🎬 Watch Now: Feature Video
এফালে বান আনফালে বন্যহস্থীৰ তাণ্ডৱ ৷ শেহতীয়াকৈ টীয়কৰ বানে গৰকা জাঁজীমুখত বন্যহস্তীৰ উৱদ্ৰৱৰ ফলত চকুলো টুকিছে পশুপালকসকলে ৷ বৃহস্পতিবাৰে নিশা খাদ্যৰ সন্ধানত জাঁজীমুখৰ মৌ চাপৰিত তাণ্ডৱ চলাই বন্যহস্তীৰ এটা জাকে (Man Elephant conflict at Teok)৷ অঞ্চলটোৰ বহুলোকৰ খেতি পথাৰত সোমাই বিঘাই বিঘাই শস্য খাই তহিলং কৰে হাতীৰ জাকটোৱে (Wild elephant persecution at Teok) ৷ ফলত মুৰে-কপালে হাত দিছে খেতিয়কসকলে ৷ আনহাতে ডিম্বেশ্বৰ কুটুম নামৰ গাহৰি পালকজনৰ বহুকেইটা গাহৰি নিধন কৰি হাতীৰ জাকটোৱে এক আতংকময় পৰিবেশৰ সৃষ্টি কৰে (Wild Elephant killed pigs at Teok) । ৰাজ্যত এটা বিয়াগোম বন বিভাগ থকাৰ পিছতো জনবসতিপূর্ণ অঞ্চল মৌ চাপৰিত বন্যহস্তীৰজাক আহি বহু লক্ষাধিক টকাৰ পশুধন নষ্ট কৰাত ক্ষুণ্ণ হৈ পৰিছে জাঁজীমুখৰ জনসাধাৰণ ৷ ইফালে বন বিভাগৰ লোক সময়ত ঘটনাস্থলীত উপস্থিত নোহোৱাত ক্ষোভিত হৈ পৰে গাঁওবাসী ।