ৰাজ্যৰ নৱ নিৰ্বাচিত মুখ্যমন্ত্ৰী সন্দৰ্ভত কি ক'লে বাবুল বৰাই ? - ড৹ হিমন্ত বিশ্ব শৰ্মা
🎬 Watch Now: Feature Video
ৰাজ্যৰ বৃহত্তম সামাজিক তথা সাংস্কৃতিক অনুষ্ঠান শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰধান সম্পাদক বাবুল বৰাই ৰাজ্যৰ নৱ নিৰ্বাচিত মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মালৈ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰি কয়, ইতিহাসৰ পাতত বহুত নেতাৰ নাম সন্নিবিষ্ট থাকে। এই ইতিহাসৰ পাতৰ পৰা মানুহৰ হৃদয়ৰ ফলিত লিপিবদ্ধ হ'ব লাগিব। তেওৰ বিচক্ষণতাই ৰাজ্যৰ সকলো স্তৰৰ জনতাৰ উন্নয়ন সাধন কৰিব। অসমক শান্তি সম্প্ৰীতি আৰু প্ৰগতিৰ বাটেৰে আগবঢ়াই নি ভাৰতৰ ভিতৰত অন্যতম ৰাজ্য ৰূপে গঢ় দিব পাৰিব ।