আজি গণেশ পূজা, পূজাত অত্যাধিক ধূপ নজ্বলাবলৈ আহ্বান পৰিৱেশ সুৰক্ষা সমিতিৰ

By

Published : Aug 31, 2022, 11:13 AM IST

thumbnail
গণেশ পূজা উপলক্ষে তিনিচুকীয়াত পৰিৱেশ সুৰক্ষা সমিতি অসমৰ গছপুলি ৰোপণ কাৰ্যসূচী(Tree planting programme) । গণেশ পূজাত ভক্তপ্ৰাণ ৰাইজক অত্যাধিক ধূপ নজ্বলাবলৈ আহ্বান পৰিৱেশ সুৰক্ষা সমিতিৰ । সমগ্ৰ ৰাজ্যত ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱাৰ সোঁৱৰণীত বছৰযোৰা গছপুলি ৰোপন, বিতৰণ আৰু প্রতিপালনৰ কাৰ্যসূচী গ্ৰহণ কৰি আহিছে পৰিৱেশ সুৰক্ষা সমিতিয়ে । ইয়াৰ সমান্তৰাল ভাৱে মঙ্গলবাৰে তিনিচুকীয়াৰ বৰদলৈ নগৰত গণেশ পূজা উপলক্ষে পৰিৱেশ পৰিচ্ছন্নতাৰ প্ৰতি লক্ষ্য ৰাখি পৰিৱেশ সুৰক্ষা সমিতিৰ উদ্যোগত আৰু মিলিজুলি গণেশ পূজা সমিতিৰ সহযোগত ভাষাৰ ওজা হেমচন্দ্ৰ বৰুৱাৰ সোঁৱৰণীত গছপুলি ৰোপন, বিতৰণ আৰু প্রতিপালনৰ কাৰ্যসূচী গ্ৰহণ কৰে(Tree planting programme on occasion of Ganesh Puja) । উক্ত কাৰ্যসূচীৰ জৰিয়তে পৰিৱেশ সুৰক্ষা সমিতি, অসমৰ সভাপতি ঋতুৰাজ বৰুৱাই সমগ্ৰ তিনিচুকীয়াৰ লগতে অসমৰ সকলো পূজা সমিতিয়ে যাতে পৰিৱেশ প্ৰতিচ্ছন্নতাৰ প্ৰতি লক্ষ্য ৰাখি পূজা অনুষ্ঠিত কৰে তাৰ বাবে সংবাদ মাধ্যমৰ যোগেদি আহ্বান জনায় ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.