মৰাদিয়া নৈত লগে-ভাগে মৎস্য চিকাৰ সহস্ৰাধিক লোকৰ - এটা পুৰণি পৰম্পৰা
🎬 Watch Now: Feature Video
এটা পুৰণি পৰম্পৰা ৷ পৰম্পৰা অনুসৰিয়ে আজিৰ দিনটোত প্ৰত্যেক বছৰৰ দৰে বাক্সাৰ সদৰ মুছলপুৰৰ নিকটৱৰ্তী থমনাত ওলাই আহিছে সহস্ৰাধিক ৰাইজ ৷ অৱশ্যে খালী হাতে নহয় ৷ সকলোৰে হাতত আছে জাকৈ, পল, জাল ইত্যাদি মাছ ধৰা সঁজুলি ৷ কি ডেকা, কি বুঢ়া ৷ সকলো এনেদৰে ওলাই আহিছে মাছ মাৰিবলৈ ৷ বিগত প্ৰায় ৪০ বছৰে চলি আহিছে বাক্সাৰ সদৰ মুছলপুৰৰ নিকটৱৰ্তী থমনাত এই পৰম্পৰা (Traditional fish hunting in Baska) ৷ উল্লেখ্য যে, থমনাৰ মাজেৰে বৈ যোৱা মৰাদিয়া নৈত বছৰৰ নিৰ্দিষ্ট দিনটোতহে মাছ মাৰিব পাৰে ৰাইজে ৷ কোনোবাই পাইছে যদি বৰালি, আন কোনোবাই আকৌ পাইছে ভকুৱা ৷ কোনে কি পাইছে, সেইবোৰলৈ যেন কাৰো ভ্ৰুক্ষেপে নাই ৷ আনন্দ উল্লাসৰ মাজেৰে সকলো ব্যস্ত মাছ মৰাত ৷ জাতি, বৰ্ণ, ভাষা নিৰ্বিশেষে সকলোৱে অংশ লয় এই মাছ মৰা কাৰ্যত ৷