পাণৰ খেতি ধ্বংস কৰি প্ৰশাসনে চলালে উচ্ছেদ : আৰক্ষীৰ সৈতে হতাহতিত লিপ্ত গাঁওবাসী - eviction for JSW project
🎬 Watch Now: Feature Video
ওড়িশাৰ জগতসিংপুৰ জিলাৰ এৰচামা খণ্ডৰ অন্তৰ্গত ধিনকিয়া গাঁৱত পাণৰ খেতিত উচ্ছেদ(eviction of betel vine plantations)ৰ সময়ত গাঁওবাসী আৰু আৰক্ষীৰ মাজত সংঘাতৰ সৃষ্টি হয় (Villagers and Police faceoff in Jagatsinghpur) । স্থানীয় লোকসকলে অভিযোগ কৰিছে যে, প্ৰশাসনে জেএছডব্লিউ প্ৰকল্পৰ বাবে উচ্ছেদ চলাই আছে । আৰক্ষীৰ লাঠী চালনাত মহিলাসহ বহুতো গাঁওবাসী আহত হোৱাৰ লগতে উত্তপ্ত হৈ পৰে অঞ্চলটোৰ পৰিৱেশ । আৰক্ষীয়ে জেএছডব্লিউৰ প্ৰস্তাৱিত প্ৰকল্প(eviction for JSW project)ৰ বিৰোধিতা কৰা প্ৰতিবাদকাৰীসকলক ছত্ৰভংগ দিবলৈ লাঠিচাৰ্জ কৰে বুলিও জানিব পৰা গৈছে । ইয়াৰ মাজত হতাহতিত আহত হয় মহিলাসহ কেইবাজনো গাঁওবাসী । গাওঁবাসীয়ে দাবী কৰিছে যে তেওঁলোকৰ দাবী সমূহ আলোচনা আৰু পূৰণ নকৰাকৈ উচ্ছেদ অভিযান আৰম্ভ কৰা হৈছিল । তেওঁলোকে অভিযোগ কৰিছে যে এই উচ্ছেদ অভিযান স্বেচ্ছাচাৰী আছিল আৰু প্ৰকল্পটোৰ বাবে ভূমি অধিগ্ৰহণ কৰাৰ বাবে প্ৰশাসনৰ কৌশল হে আছিল । গাঁওবাসীসকলে তেওঁলোকৰ শস্য বচাবলৈ আৰক্ষীৰ সৈতে মুখামুখি হৈছিল । পৰৱৰ্তী সময়ত, আৰক্ষীয়ে প্ৰতিবাদকাৰী গাঁওবাসীসকলক ছত্ৰভঙ্গ দিবলৈ এইদৰে লাঠী চালনা কৰে ।