Pankaj Pathak Arrested: আচাৰ্য পংকজ পাঠকক গ্ৰেপ্তাৰ

By

Published : Jul 21, 2022, 8:13 AM IST

thumbnail
ফেচবুকত হকে বিহকে পোষ্ট দি সততে বিতৰ্কৰ সৃষ্টি কৰি থকাৰ লগতে নিজকে চিকিৎসা শাস্ত্ৰৰ আচাৰ্য বুলি দাবী কৰি অহা পংকজ পাঠকক(Self claimed Ayurveda expert Pankaj Pathak) অৱশেষত গ্ৰপ্তাৰ কৰিলে আৰক্ষীয়ে(Pankaj Pathak Arrested) ৷ বৰপেটা জিলাৰ হাউলীৰ সমীপৰ কালঝাৰৰ পৰা গ্ৰেপ্তাৰ কৰা হয় পংকজ পাঠকক ৷ নাৰীসমাজ আৰু বিশেষকৈ এগৰাকী মহিলা সাংবাদিকক অশালীন মন্তব্য কৰাৰ অভিযোগত ৰাজ্যৰ ভিন্ন প্ৰান্তত পংকজ পাঠকৰ বিৰুদ্ধে ৰুজু হৈছিল কেইবাটাও গোচৰ ৷ উক্ত গোচৰৰ ভিত্তিত পংকজ পাঠকক গ্ৰেপ্তাৰৰ বাবে মঙলবাৰৰ পৰা নলবাৰীৰ, টিহুকে ধৰি ভিন্ন স্থানত নলবাৰী আৰু গুৱাহাটী আৰক্ষীয়ে অভিযান চলাইছিল যদিও তেওঁৰ সন্ধান উলিয়াব পৰা নাছিল ৷ কিন্তু অৱশেষত বুধবাৰে মাজনিশা বৰপেটা জিলাৰ হাউলীৰ কালঝাৰৰ পৰা পংকজ পাঠকক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় আৰক্ষী ৷ সম্প্ৰতি, পংকজ পাঠকক বৰপেটা সদৰ থানাত ৰখা হৈছে ৷ উল্লেখ্য যে, বৃহস্পতিবাৰে দিনৰ ভাগত পংকজ পাঠকক গুৱাহাটী আৰক্ষীক গটাই দিয়াৰ সম্ভাৱনা আছে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.