Theft at Teok : টীয়কৰ চি কে বি মহাবিদ্যালয়ৰ সন্মুখৰ পৰা স্কুটী লৈ উধাও চোৰ - Scooty stolen in front of CKB College at Teok
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-15844457-thumbnail-3x2-teok.jpg)
টীয়ক নগৰখন এতিয়া যেন চোৰৰ ৰম্যভূমিলৈ পৰিণত হৈছে (Growing theft incidents at Teok)। বিশেষকৈ নগৰৰ মাজমজিয়াৰ পৰা বিগত সময়চোৱাত কেইবাখনো মটৰ চাইকেল দিন দুপৰতে চোৰে লৈ উধাও হৈছিল (Theft at Teok) । আজি অৰ্থাৎ শনিবাৰে পুনৰ টীয়কৰ চি কে বি মহাবিদ্যালয়ৰ সন্মুখৰ পৰা এখন স্কুটী চুৰি হোৱা ঘটনাই সকলোকে আচৰিত কৰি তুলিছে (Scooty stolen in front of CKB College at Teok)। তথ্য অনুসৰি, কাশ্মিৰী গগৈ নামৰ চি কে বি মহাবিদ্যালয়ৰ এগৰাকী ছাত্ৰীয়ে পৰীক্ষালৈ বুলি আহি মহাবিদ্যালয়ৰ সন্মুখতে নিজৰ স্কুটীখন ৰাখি পৰীক্ষাত অৱতীৰ্ণ হৈছিল । পিছে তিনিঘন্টা পৰীক্ষা দি ঘূৰি আহি নিৰ্দিষ্ট স্থানত স্কুটীখন নেদেখি আচৰিত হৈ পৰে ছাত্ৰীগৰাকীয়ে ৷ লগে লগে বন্ধুবৰ্গৰ সৈতে স্কুটীখনৰ বিচাৰ খোচাৰ কৰে যদিও কোনো সুংসূত্ৰ নাপাই আৰক্ষীৰ কাষ চাপিছে ভুক্তভোগী ছাত্ৰীগৰাকী । জানিব পৰা মতে, হেৰুৱা স্কুটীখনৰ নম্বৰ AS-03-S-2261 । ইতিমধ্যে ছাত্ৰগৰাকীয়ে তেওঁৰ মাতৃ মেঘাৰী গগৈৰ নামত থকা স্কুটীখন হেৰুৱাৰ সন্দৰ্ভত টীয়ক আৰক্ষী থানাত দাখিল কৰে এক এজাহাৰ ৷ এই এজাহাৰৰ ভিত্তিতেই আৰক্ষীয়ে ইতিমধ্যে স্কুটীখনৰ সন্ধানত নামি পৰিছে বুলি জানিব পৰা গৈছে ৷