বঢ়মপুৰৰ নৱম অসম আৰক্ষী বাহিনীয়ে প্ৰদৰ্শন কৰিলে হুঁচৰি

By

Published : Apr 18, 2022, 10:55 PM IST

thumbnail

ৰঙালীৰ ৰঙত আত্মহাৰা হৈ পৰিছে অসম আৰক্ষীৰ জোৱান । বন্দুকৰ পৰিৱর্তে এইবাৰ আৰক্ষীয়ে হাতত তুলি ল'লে ঢোল, পেঁপা, তাল । সদা আইন শৃংখলাত নিয়োজিত আৰক্ষীয়ে জুৰিলে হুঁচৰী ৷ এইয়া নগাঁৱৰ সোনাৰী গাঁৱৰ দৃশ্য । গাঁওখনৰ নামঘৰ প্ৰাংগণত বঢ়মপুৰৰ নৱম অসম আৰক্ষী বাহিনীয়ে প্ৰদৰ্শন কৰিলে হুঁচৰি (Rongali Bihu celebration by Assam police in Nagaon) । বঢ়মপুৰৰ নৱম অসম আৰক্ষী বাহিনীৰ এটি ২০ জনীয়া দলে গাঁৱে গাঁৱে প্ৰদৰ্শন কৰিলে হুঁচৰি ৷ নৱম আৰক্ষী জোৱান সকলৰ সৈতে অংশ গ্ৰহণ কৰে আৰক্ষী পৰিদৰ্শক ফুলধৰ হাজৰিকায়েও । সঁচাকৈয়ে জনহিতকৰ কৰ্মত নিয়োজিত আৰক্ষীৰ পাৰভঙা আনন্দ উল্লাসে সকলোৰে অন্তৰ জয় কৰা পৰিলক্ষিত হ'ল ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.