টিহুত মৃগপহু উদ্ধাৰ - মৃগেন কলিতা
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-11641214-thumbnail-3x2-ko.jpg)
মঙলবাৰে টিহুৰ নান্নাট্টাৰীৰ নিউ চ’কৰ সমীপত উদ্ধাৰ কৰা হয় এটি মৃগ পহু । স্থানীয় ৰাইজে টিহু আৰক্ষীৰ সহযোগত নিউ চ’কৰ পৰীক্ষিত মেডিকোজ নামৰ এখন ফাৰ্মাচীৰ পৰা উদ্ধাৰ কৰে পহুটো । ইয়াৰ পিছতে টিহু আৰক্ষী, বন্যপ্ৰাণী অপৰাধ নিয়ন্ত্ৰণ শাখা আৰু টিহু বন বিভাগৰ খণ্ড বিষয়াৰ কাৰ্যালয়ৰ সহযোগত মৃগপহুটো মানাহ অভয়াৰণ্যলৈ প্ৰেৰণ কৰে ৷ উল্লেখ্য যে,নিউ চ’কৰ মৃগেন কলিতা নামৰ ব্যক্তিগৰাকীৰ চৌহদত পহুটো প্ৰত্যক্ষ কৰি কলিতাই টিহু আৰক্ষীক অৱগত কৰে ৷ আৰক্ষীয়ে ততাতৈয়াকৈ ঘটনাস্থলীত উপস্থিত হৈ স্থানীয় ৰাইজৰ সহযোগত পহুটো উদ্ধাৰ কৰে ৷