টীয়কৰ ভৰলুৱাত বিধ্বস্ত পথৰ বাবে অচল যাতায়াত - লোকনিৰ্মাণ বিভাগ
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-12095981-thumbnail-3x2-t.jpg)
এটা বিধ্বস্ত পথে জ্বলা-কলা খুৱাইছে টীয়ক(teok)ৰ ঢেকীয়ানী ভৰলুৱাৰ ৰাইজক ৷ 37 নং ৰাষ্ট্ৰীয় ঘাইপথ সংযোগী বাদুলীপুখুৰি-ঢেকীয়ানী ভৰলুৱা অঞ্চলৰ ৰাইজৰ যাতায়াতৰ একমাত্ৰ পথটোৱে এজাক বৰষুণতে কদৰ্য ৰূপ ধাৰণ কৰে । দীৰ্ঘদিন ধৰি মেৰামতি নকৰাৰ বাবে এনেদৰে কদৰ্য ৰূপ ধাৰণ কৰা পথটোৰ মেৰামতিৰ বাবে দাবী জনাইছে ভুক্তভোগী ৰাইজে । ইফালে নিৰ্বাচনৰ সময়ত প্ৰতিটো ৰাজনৈতিক দলে উক্ত পথটোকে ইছ্যু হিচাপে লয় যদিও নিৰ্বাচনৰ পাচত কোনো গুৰুত্ব আৰোপ নকৰে বুলি স্থানীয় ৰাইজে অভিযোগ উত্থাপন কৰিছে ৷ যাৰ ফলত যাতায়াতৰ বাবে ৰাইজে গাঁঠিৰ ধন ভাঙি পথটো দীৰ্ঘকাল ধৰি মেৰামতি কৰি আহিছে । সেয়ে বিষয়টো ৰাজনৈতিক মেৰপাকত আৱদ্ধ নকৰি ৰাইজৰ সুবিধাৰ্থে শীঘ্ৰেই পথটো নিৰ্মাণ কৰিবলৈ আহ্বান জনাইছে স্থানীয় ৰাইজে ৷