কৰ’ণাৰ পাচত এইবাৰ মৃত্যুদূতৰ ৰূপত জাপানীজ এনকেফেলাইটিছ

By

Published : Jul 1, 2022, 7:42 PM IST

thumbnail
তিতাবৰত জাপানীজ এনকেফেলাইটিছৰ ভয়াৱহ ৰূপ । জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত হৈ মৃত্যু এজন লোক (People died of Japanese encephalitis in Jorhat district)। মৃত ব্যক্তিজন তিতাবৰৰ লাইট ন-চুঙীৰ কোষেশ্বৰ বড়া বুলি জানিব পৰা গৈছে । তথ্য অনুসৰি, বিগত কিছু দিনৰ পৰা ব্যক্তিজন জাপানীজ এনকেফেলাইটিছত আক্ৰান্ত হৈ যোৰহাট মিছন হাস্পতালত চিকিৎসাধীন হৈ আছিল যদিও শুকুৰবাৰে মৃত্যু হয় লোকজনৰ ৷ যাৰ বাবে শুকুৰবাৰে তিতাবৰ লাইট ন-চুঙীত তিতাবৰ স্বাস্থ্য বিভাগৰ এটা দল উপস্থিত হৈ গাঁওবাসীৰ তেজৰ নমুনা সংগ্ৰহ কৰি জাপানীজ এনকেফেলাইটিছৰ পৰীক্ষা কৰে ৷ লগতে স্বাস্থ্য বিভাগৰ তৰফৰ পৰা গাঁওবাসীৰ আঁঠুৱাসমূহ ঔষধীকৰণৰ ব্যৱস্থাও কৰে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.