অ’এনজিচিৰ বিষয়া মোহিনী মোহন গগৈৰ গৃহত কান্দোনৰ ৰোল

By

Published : Apr 21, 2021, 12:32 PM IST

thumbnail
অৰুণাচলস্থিত কুইপ’ৰ কাৰ্যালয়ৰ পৰা বিগত বৰ্ষৰ 21 ডিচেম্বৰত দুগৰাকীকৈ অভিযন্তা অপহৃত হোৱাৰ পাচতে পুনৰ লাকুৱা অ’এনজিচিত কৰ্মৰত তিনি গৰাকী বিষয়াক মঙলবাৰে মাজনিশা অপহৰণ কৰে বন্দুকধাৰী দুৰ্বৃত্তৰ দলে ৷ ডিমৌ সমীপৰ ডিব্ৰুগড় জিলাৰ খোৱাং আৰক্ষী থানাৰ অন্তৰ্গত সৰুআলি গাঁৱৰ যুৱক মোহিনী মোহন গগৈয়ে 2015 চনৰ পৰা ONGC ৰ উৎপাদন বিভাগত কৰ্মৰত আছিল ৷ কিন্তু বুধবাৰে ৰাতিপুৱা অপহৰণৰ খবৰ বিয়পি পৰাত শোকাকুল পৰিৱেশে বিৰাজ কৰিছে ঘৰখনত ৷ ইফালে বিষয়া গৰাকীৰ ঘৰত প্ৰশাসন অথবা আৰক্ষীৰ লোক উপস্থিত নোহোৱাত খেতিয়ক পিতৃৰ লগতে আত্মীয়-স্বজন শোকত ভাগি পৰিছে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.