thumbnail

By

Published : Jul 1, 2022, 8:38 PM IST

ETV Bharat / Videos

গৰু এৰাল দিবলৈ গৈ এজন লোকৰ সলিল সমাধি

গহপুৰ হেলেম ৰাজহ চক্ৰৰ অন্তৰ্গত বৰাণি পথাৰত এজন লোকৰ সলিল সমাধি ৷ গহপুৰত ইতিমধ্যে বাঢ়নী পানীয়ে তিনিজনকৈ লোকৰ প্ৰাণ কাঢ়ি নিয়াৰ পিছতে শুকুৰবাৰে পুনৰ প্ৰাণ গ'ল এজনৰ । গৰু এৰাল দিবলৈ গৈ প্ৰাণ হেৰুৱালে তপন নাথ(৫০) নামৰ লোকজনে । জানিব পৰা মতে, মধ্য ছয়দুৱাৰ হাইস্কুলৰ সমীপৰ পথাৰৰ পানীত ওপঙি থকা অৱস্থাত স্থানীয় ৰাইজে বৰানি পথাৰৰ নিবাসী তপন নাথৰ মৃতদেহটি প্ৰত্যক্ষ কৰে(One person dead body recovered in Gohpur) । ইয়াৰ পিছতে ঘটনাস্থলীত ঘাহিগাঁও আৰক্ষী উপস্থিত হৈ মৃতদেহটি উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে বিহালীলৈ প্ৰেৰণ কৰে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.