thumbnail

By

Published : Mar 9, 2021, 7:35 PM IST

ETV Bharat / Videos

ৰঙাপৰাত এজেপিৰ প্ৰাৰ্থী অজয় মাধৱ তাঁতীৰ মনোনয়ন দাখিল

মনোনয়ন পত্ৰ দাখিল কৰি ৰঙাপৰা সমষ্টিৰ অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী অজয় মাধৱ তাঁতীয়ে চাহ বাগিচাৰ ঝুমুৰ নৃত্যত ভাগ লোৱা দেখা যায় । উল্লেখযোগ্য যে, ৰঙাপৰা সমষ্টিত মুঠ ৭৫ হাজাৰ চাহ শ্ৰমিকৰ ভোটাৰ আছে । ঝুমুৰৰ তালে তালে বাগিচাৰ লোকসকলক সংগ দি অসম জাতীয় পৰিষদৰ প্ৰাৰ্থী অজয় মাধৱ তাঁতীয়ে কয় যে, "মই চাহ শ্ৰমিকৰ ল’ৰা ৷ মোৰ মা-য়ে বাগিচাৰ পাত তোলে আৰু দেউতাই চাহ গছৰ কলম দিয়ে" ৷ মন কৰিবলগীয়া যে, এইবাৰ ৰঙাপৰা সমষ্টিটোত দুজনকৈ চাহ জনগোষ্ঠীৰ লোকৰ মাজত দুটা দলে প্ৰাৰ্থিত্ব প্ৰদান কৰিছে ৷ প্ৰাৰ্থী দুগৰাকী হৈছে বিজেপিৰ প্ৰাৰ্থী কৃষ্ণ কমল তাঁতী আৰু এজেপিৰ প্ৰাৰ্থী অজয় মাধৱ তাঁতী ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.