thumbnail

By

Published : Jun 21, 2022, 8:27 PM IST

ETV Bharat / Videos

ৰঙিয়াত বন্যাৰ্তৰ কাষত সাংসদ দিলীপ শ‌ইকীয়া

অবৰ্ণনীয় ৰাজ্যৰ বান পৰিস্থিতি ৷ বছৰৰ দ্বিতীয়টো বানে ক্ৰমাৎ ধাৰণ কৰিছে ভয়াবহ ৰূপ (Flood in Assam 2022) ৷ উজনিৰ পৰা নামনিলৈ প্ৰতি মূহুৰ্ততে পানীৰ তলত বুৰ গৈছে ইখনৰ পাচত সিখন গাঁও ৷ খাদ্য, বস্ত্ৰ, বাসস্থানৰ বাবে হাহাকাৰ কৰিব লগাত পৰিছে এতিয়া বন্যাৰ্তই ৷ বাদ পৰি ৰোৱা নাই ৰঙিয়া নগৰো ৷ ৰঙিয়াৰো বহু ঠাই এতিয়া পানীৰ তলত (Flood at Rangia) ৷ মঙলবাৰে ৰঙিয়া সমষ্টিৰ অন্তৰ্গত বিভিন্ন বানাক্ৰান্ত অঞ্চল পৰিদৰ্শন কৰি সাহায্য সামগ্ৰী বিতৰণ কৰে মঙলদৈ লোকসভা সমষ্টিৰ সাংসদ তথা বিজেপিৰ ৰাষ্ট্ৰীয় সাধাৰণ সম্পাদক দিলীপ শ‌ইকীয়াই (Mp Dilip Saikia distributes flood relief in Rangia)। লগতে সাংসদগৰাকীয়ে বানত ক্ষতিগ্ৰস্ত হোৱা লোকসকলৰ সৈতে মত বিনিময় কৰে ৷ বিশেষকৈ সাংসদগৰাকীয়ে জয়ন্তীপুৰ, গোপালপুৰ, কুমটীবাৰী, বৰকুকুৰীয়া, আৰ এম এচ কলনি আৰু আৰিমত্ত স্কুলত বানত আক্ৰান্ত ঠাইসমূহৰ লগতে আশ্ৰয় শিবিৰ পৰিদৰ্শন কৰে ৷ লগতে শিবিৰত আশ্ৰয় লৈ থকা বানপীড়িত ৰাইজৰ মাজত প্ৰয়োজনীয় খাদ্য-সামগ্ৰী আৰু বিশুদ্ধ খোৱাপানীও বিতৰণ কৰে । ইয়াৰ উপৰি সাংসদ শ‌ইকীয়াই বানাক্ৰান্ত ৰাইজক যাৱতীয় সকলো সা-সুবিধা প্ৰদান কৰাৰো আশ্বাস প্ৰদান কৰে ৷ আনকি তেওঁলোকে যাতে কোনোধৰণৰ অসুবিধা নাপাই তাৰ প্ৰতি লক্ষ্য ৰাখিবলৈ জিলা প্ৰশাসনক নিৰ্দেশ দিয়ে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.