কাকপথাৰত অনুষ্ঠিত মৰাণ সকলৰ ৰাতি বিহু - ক'ভিড প্ৰট'কল

🎬 Watch Now: Feature Video

thumbnail

By

Published : Apr 25, 2021, 1:44 PM IST

অসমৰ অন্যতম ভূমিপুত্ৰ জনগোষ্ঠী মৰাণসকলৰ পৰম্পৰাগত ৰাতি বিহু শনিবাৰে নিশা কাকপথাৰৰ ৰাজহুৱা খেলপথাৰত অনুষ্ঠিত কৰা হয় ৷ কাকপথাৰ আঞ্চলিক মৰাণ ছাত্ৰ সন্থাৰ উদ্যোগত অনুষ্ঠিত হোৱা ৰাতি বিহুত অঞ্চলটোৰ প্ৰায় তিনি শতাধিক নাচনীয়ে অংশগ্ৰহণ কৰাৰ লগতে ক'ভিড প্ৰট’কল মানি খেলপথাৰৰ প্ৰৱেশ পথত স্বাস্থ্য বিভাগে মাস্ক, চেনিটাইজাৰ ইত্যাদি প্ৰদান কৰে ৷ ইয়াৰ লগতে বিহুথলীতে এখন স্মৃতিগ্ৰন্থ উন্মোচন কৰা হয় ৷ ৰাতি বিহুত মৰাণ ছাত্ৰ সন্থা, মৰাণ সভা, মৰাণ মহিলা পৰিষদৰ নেতৃবৃন্দই অংশগ্ৰহণ কৰে ৷ উল্লেখ্য যে, ক'ভিড প্ৰট'কল মানি নিশা 10 বজাত ৰাতি বিহুৰ সকলো কাৰ্যসূচীৰ অন্ত পেলাই উদযাপন সমিতিয়ে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.