জনজাতিকৰণৰ দাবীত ডুমডুমাত মৰাণ ছাত্ৰ সন্থাৰ প্ৰতিবাদ - প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ জুমুঠি দাহ
🎬 Watch Now: Feature Video
মৰাণ জনগোষ্ঠীক জনজাতিকৰণ আৰু ষষ্ঠ অনুসূচীভুক্ত স্বায়ত্ব শাসন প্ৰদানৰ দাবীত সদৌ মৰাণ ছাত্ৰ সন্থাই ধাৰাবাহিকভাৱে আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰি আহিছে(Maran Students Union protest in Dumduma) । মৰাণ ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ লগতে ডুমডুমা আঞ্চলিক সমিতিৰ উদ্যোগত সোমবাৰে ডুমডুমাৰ ৰূপাইৰ ৰাষ্ট্ৰীয় ঘাইপথত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ জুমুঠি দাহ কৰি প্ৰতিবাদ সাব্যস্ত কৰে(PM Effigy burn in Dumduma) । লগতে দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ৭২ সংখ্যক জন্মদিন(PM Modi Birthday) উপলক্ষে ২ অক্টোবৰলৈকে জন্মদিন উদযাপনৰ বিৰোধিতা কৰি মৰাণ ছাত্ৰ সন্থাই প্ৰত্যেক দিনাই আন্দোলন-প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰাৰ কথা উল্লেখ কৰে । অতি শীঘ্ৰেই মৰাণ জনগোষ্ঠীক জনজাতিকৰণ আৰু ষষ্ঠ অনুসূচীভূক্ত স্বায়ত্ব শাসন প্ৰদানৰ ব্যৱস্থা নকৰিলে জংগী আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰাৰ হুংকাৰ দিয়ে মৰাণ ছাত্ৰ সন্থাৰ ।