লখিমপুৰ জিলাৰ নাৰায়ণপুৰত প্ৰসাদ খাই আক্ৰান্ত বহুলোক - মাহ প্ৰসাদত বিষক্ৰিয়াৰ ঘটনা
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-16202419-thumbnail-3x2-frihj.jpg)
লখিমপুৰ জিলাৰ নাৰায়ণপুৰত অঘটন । নাৰায়ণপুৰৰ পানবাৰীত মাহ প্ৰসাদত বিষক্ৰিয়াৰ ঘটনা (Food poisoning in Narayanpur)। ভাদ মাহৰ নামৰ প্ৰসাদ খাই অসুস্থ গাঁওখনৰ প্ৰায় ৬০ গৰাকীকৈ লোক । আক্ৰান্ত লোকসকলৰ বমি, পেটৰ বিষ, মূৰৰ বিষ, শৌচ হোৱাত তেওঁলোকক নাৰায়ণপুৰ মহাত্মা গান্ধী আদৰ্শ চিকিৎসালয়ত বৃহস্পতিবাৰে নিশা ভৰ্তি কৰোৱা হয় (Many people suffer from food poisoning)। অৱশ্যে ইয়াৰে কেইবাজনো লোক চিকিৎসাৰ পিছত কিছু পৰিমাণে আৰোগ্য হৈছে যদিও গৰিষ্ঠ সংখ্যকেই সম্প্ৰতি ঘৰতে চিকিৎসাধীন হৈ আছে ৷