খোৱাঙত সহস্ৰাধিক লোকে কুইণ্টলে কুইণ্টলে ধৰিছে উজানৰ মাছ - Fish swim down at Khowang

🎬 Watch Now: Feature Video

thumbnail

By

Published : Sep 9, 2022, 5:20 PM IST

বানৰ বিভীষিকাৰ পিছত এতিয়া ডিব্ৰুগড়ৰ খোৱাঙত উঠিছে মাছৰ উজান । খোৱাঙৰ কাৱৈমাৰীত মাছুৱৈয়ে ধৰিছে কুইণ্টলে কুইণ্টলে মাছ । এজন বা দুজন নহয়, সহস্ৰাধিক লোকে দিনে নিশাই ব্যস্ত হৈ পৰিছে এতিয়া মাছ ধৰাত (Fish swim down at Khowang) । কাৱৈমাৰী অঞ্চলৰ এখন বিলৰ পৰা ওলাই অহা জান সদৃশ এটা নলাত উঠিছে এই মাছৰ উজান (Many people gather at Khowang for fishing amid) । খোৱাং অঞ্চলৰ বিভিন্ন গাঁৱৰ পুৰুষ-মহিলাই জাল, ঘুকুটি আদি লৈ বিগত তিনিদিন ধৰি নাৰ মাছ, পুঠি, কুঁহি, শাল, শ’ল, বৰালি আদি মাছ ধৰাত ব্যস্ত হৈ পৰিছে । এই মাছধৰা দৃশ্য চাবলৈ এতিয়া ঠাইডোখৰলৈ সোঁত বৈছে অগণন লোকৰ । উল্লেখ্য যে, বুঢ়ীদিহিং নদীৰ নিচেই কাষতে আছে এই বিলখন । নদীৰ পানী বাঢ়ি অহাৰ লগে লগে মাছসমূহ বিলত থাকি যায় আৰু পানী শুকাবলৈ ধৰাৰ লগে লগে মাছৰ উজান উঠিবলৈ ধৰে । জানিব পৰা মতে, একোজন মাছ মৰীয়াই এই জানটোৰ পৰা ১০ হাজাৰ টকা পৰ্যন্ত মাছ বিক্ৰী কৰিব সক্ষম হৈছে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.