মাছ মাৰিবলৈ গৈ বজ্ৰ পৰি মৃত্যু এজনৰ

By

Published : Oct 8, 2022, 7:10 PM IST

thumbnail

কলগাছিয়াত অঘটন ৷ বজ্ৰ পৰি মৃত্যু এজনৰ (Man died due to lightning strikes at Kalgachia)। কলগাছিয়া আৰক্ষী থানা তথা কলগাছিয়া ৰাজহ চক্ৰৰ অন্তৰ্গত খাৰবাল্লী গাঁৱত সংঘটিত হয় এই ঘটনা ৷ মৃত ব্যক্তিজনৰ নাম নুৰমহম্মদ আলী (৩৫) বুলি জানিব পৰা গৈছে । উল্লেখযোগ্য যে, বেকী নদীৰ সুতিত বৰশীৰে মাছ মাৰিবলৈ গৈ নদীৰ পাৰত বহি আছিল নুৰমহম্মদ । তেনে সময়ত বজ্ৰ পৰি থিতাতে মৃত্যু হয় যুৱকজনৰ । পিছত স্থানীয় ৰাইজে প্ৰত্যক্ষ কৰি গাঁওবুঢ়া ছাইদুল ইছলামৰ সহযোগত নুৰমহম্মদৰ মৃতদেহটো ঘৰলৈ লৈ আহে যদিও যুৱকজনৰ অকাল মৃত্যুত শোকাকুল পৰিৱেশৰ সৃষ্টি হয় অঞ্চলটোত । তিনিটা সন্তানৰ পিতৃ নুৰমহম্মদৰ পৰিয়াললৈ চৰকাৰক এককালীন সাহাৰ্য প্ৰদান কৰিবলৈ দাবী জনাইছে স্থানীয় ৰাইজে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.