দালালৰাজৰ বিৰুদ্ধে প্ৰতিক্ৰিয়া লুৰিণজ্যেতি গগৈৰ - lurinjyoti gogoi reacts
🎬 Watch Now: Feature Video
তৃতীয় আৰু চতুৰ্থ বৰ্গৰ নিযুক্তিত ধনৰ লেন-দেনৰ অভিযোগ তুলি ভিক্টৰ দাসক গ্ৰেপ্তাৰ কৰাৰ পিছতেই ৰাজ্যজুৰি সৃষ্টি হৈছে প্ৰতিক্ৰিয়াৰ ৷ লগতে দেওবাৰে গুৱাহাটী মহানগৰীত আৰক্ষীয়ে জল সম্পদ বিভাগৰ হৈ ভুৱা নিযুক্তি পত্ৰ বিলোৱা এটা দালাল চক্ৰকো উৎখাত কৰাত ৰাজ্যত আন এক জোকাৰণিৰ সৃষ্টি হৈছে (Appointments Controversy) ৷ এই সন্দৰ্ভত আজি ধেমাজি প্ৰেছ ক্লাৱত সংবাদমেলৰ জৰিয়তে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে অসম জাতীয় পৰিষদৰ সভাপতি লুৰিণজ্যেতি গগৈয়ে (lurinjyoti gogoi reacts on appointments controversy) ৷ তেওঁ কয়, "অসমত দালাল সক্ৰিয় হৈ আছে ৷ চাকৰি নিযুক্তি প্ৰক্ৰিয়াত দালালে অংশগ্ৰহণ কৰে ৷" লগতে ভিক্টৰ দাসৰ লগতে অন্যান্য একাংশই কৰা অভিযোগৰ সত্যতা আছে বুলি দাবী কৰে অসম জাতীয় পৰিষদৰ সভাপতিগৰাকীয়ে ৷ লগতে তেওঁ কয়, এইদৰে এটা সময়ত বনবিভাগৰ আৰু অসম শক্তি বিতৰণ কোম্পানী লিমিটেড চমুকৈ APDCLৰ নিযুক্তিৰ সময়তো দালালৰ অভাৱ নাছিল । গতিকে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ নিযুক্তিৰ ক্ষেত্ৰতো আছে দালাল আৰু যিসকলৰ আছে ৰাজ আতিথ্য ৷ সেয়ে ভিক্টৰ দাসৰ অভিযোগক নায্যতা দিব লাগে বুলি উল্লেখ কৰি চৰকাৰক গৰিহণা দিয়ে নেতাগৰাকীয়ে (Lurinjyoti Gogoi press meet) ৷
Last Updated : Sep 13, 2022, 1:05 PM IST