সচাকৈয়ে NHPC ৰ পৰা ধন লৈছিল নেকি লুৰীণ জ্যোতি গগৈয়ে ? - অসমত কা আন্দোলন
🎬 Watch Now: Feature Video
এজন যুৱ নেতা, অসমৰ বৃহত্তম জাতীয় সংগঠন সদৌ অসম ছাত্ৰ সন্থাক দীঘলীয়া সময়ৰ বাবে তেওঁ নেতৃত্ব দিছিল ৷ এই দায়িত্বতত থকাৰ সময়ত তেওঁ আছিল ৰাইজৰ পৰম আস্থাভাজন, পৰৱৰ্তী সময়ত কা নাগৰিকত্ব সংশোধনী আইন বিৰোধী আন্দোলনক সমুখৰ পৰা নেতৃত্ব দি তেওঁ হৈ পৰিছিল অসমৰ ৰাইজৰ হিয়াৰ আমঠু ৷ হয়, আমি কৈছো লুৰীণ জ্যোতি গগৈৰ কথা ৷ সেই একেজন লুৰীণ জ্যোতিৰ মুখৰ কথাত এসময়ত আন্দোলনলৈ ওলাই আহিছিল অসমৰ লাখ লাখ জনতা ৷ কিন্তু এতিয়া সেই সময় নাই, 2021 চনৰ বিধান সভা নিৰ্বাচনত লুৰীণ জ্যোতি গগৈৰ নেতৃত্বত গঠিত হোৱা বহু চৰ্চিত আঞ্চলিক ৰাজনৈতিক দল অসম জাতীয় পৰিষদে প্ৰথম খোজতে মুখ ঠেকেচা খায় ৷ কা’ আন্দোলনৰ পটভূমি(Anti CAA movement in Assam)ত গঠন হোৱা দলটোৰ লগতে সভাপতি লুৰীণো দুটাকৈ সমষ্টিত পৰাজিত হয় ৷ পিছে নিৰ্বাচনত পৰাজিত হ'লেও এতিয়াও বহুজনৰ আদৰ্শ হৈ আছে লুৰীণ ৷ কিন্তু শেহতীয়াকৈ ভাইৰেল হোৱা দুজন আছু নেতাৰ এটা ফোনৰ কথোপকথনে বিপদত পেলাইছে যুৱ ৰাজনৈতিক নেতা গৰাকীক ৷ এই কথোপকথনত লুৰীণজ্যোতি গগৈ(Lurin Jyoti Gogoi)য়ে এন এইচ পি চিৰ পৰা টকা লোৱাৰ বিষয়টো উত্থাপন হৈছিল ৷ এই কথোপকথনত টকা লৈ আন্দোলন বন্ধ কৰাৰ দৰে বিষয়ো সন্নিবিষ্ট হৈ আছিল আৰু পিছলৈ সেয়া ৰাজহুৱা হৈছিল । এই কথোপকথনটোৰ ভিত্তিতে একাংশ সংবাদ মাধ্যমত লুৰীণজ্যোতি গগৈয়ে এনএইচপিচিৰ পৰা টকা লোৱাৰ প্ৰসংগৰে(NHPC controversy Lurin jyoti Gogoi ) বাতৰি পৰিবেশিত হৈছিল । যাক লৈ সম্প্ৰতি ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । এই বিষয়টোক কেন্দ্ৰ কৰি সৃষ্টি হোৱা প্ৰতিক্ৰিয়াৰ পাছতে মঙলবাৰে এখন সংবাদমেল যোগে লুৰীণজ্যোতি গগৈয়ে স্পষ্ট কৰে নিজৰ স্থিতি ।