এইবাৰ ৰঙাঘৰৰ আলহী হ’ল আৰক্ষীৰ আন এজন কনিষ্টবল - কনিষ্টবল বাবুল আলীক গ্ৰেপ্তাৰ
🎬 Watch Now: Feature Video
খাকী পোচাকত আকৌ দাগ ৷ আৰক্ষীৰ দ্বাৰাই পুনৰ আটক হ’ল আন এজন আৰক্ষী ৷ চোৰাংভাৱে সৰবৰাহ কৰা গৰু চিণ্ডিকেটৰ (Cattle syndicates in Assam) লগত জড়িত থকাৰ অভিযোগত এইবাৰ কামৰূপ আৰক্ষীয়ে চাংসাৰি থানাত নিয়োজিত সীমান্ত শাখাৰ কনিষ্টবল বাবুল আলীক গ্ৰেপ্তাৰ কৰে (Kamrup police arrested Changsari Police Constable) ৷ আৰক্ষীয়ে উল্লেখ কৰা অনুসৰি, 467/22 নম্বৰৰ এক গোচৰৰ আধাৰতে গ্ৰেপ্তাৰ কৰা হৈছে বাবুল আলীক । উল্লেখ্য যে, ধৃত বাবুল আলী কামৰূপৰ মান্দাকাটা শিমেলীবাৰীৰ বাসিন্দা । জানিব পৰা মতে, বিগত ২০১১ চনৰ বিধান সভাৰ কমলপুৰ সমষ্টিৰ পৰা নিৰ্দলীয় প্ৰাৰ্থী হিচাপে নিৰ্বাচনত অৱতীৰ্ণ হৈছিল ধৃত বাবুল আলী । বৰ্তমান বাবুল আলীক মহামান্য আদালতত হাজিৰ কৰি পুনৰ ৫ দিনৰ জিম্মাত লয় আৰক্ষীয়ে । সংবাদ মাধ্যমৰ আগত এই কথা সদৰী কৰে আৰক্ষী অধীক্ষক হিতেশ ৰায়ে ৷