অসম লোকসেৱা আয়োগৰ পৰীক্ষাত সফলতাৰে উত্তীৰ্ণ হৈ জাৰ্ণেলিকাই চাবুৱালৈ কঢ়িয়ালে গৌৰৱ - Inspector of Statistics

🎬 Watch Now: Feature Video

thumbnail

By

Published : Sep 1, 2022, 9:28 AM IST

ডিব্ৰুগড়ৰ চাবুৱালৈ গৌৰৱ কঢ়িয়ালে জাৰ্ণেলিকা বৰুৱাই । অসম লোকসেৱা আয়োগৰ দ্বাৰা আয়োজিত (অৰ্থনীতি আৰু পৰিসংখ্যা সঞ্চালকালয়, ৰূপান্তৰণ আৰু উন্নয়ন বিভাগৰ) ৰ পৰীক্ষাত 22 স্থান লাভ কৰি Inspector of Statistics হিচাপে উত্তীৰ্ণ হ'ল চাবুৱাৰ বিশমাইল চুনিচুক গাঁৱৰ জাৰ্নেলিকা বৰুৱা (APSC examination result 2022)। অসম জাতীয় বিদ্যালয়ৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত ডিষ্টিংশ্যন, হায়াৰ চেকেণ্ডেৰীত ডিষ্টিংশ্যন লৈ গুৱাহাটী বিশ্ববিদ্যালয়ৰ পৰা স্নাতকোত্তৰ শিক্ষা গ্ৰহণ কৰি এ পি এছ চি ত অৱতীৰ্ণ হৈছিল জাৰ্নেলিকা বৰুৱা । ভাৰতীয় জনতা পাৰ্টীৰ এগৰাকী নিষ্ঠাবান কৰ্মী তথা পানীতোলা আঞ্চলিক পঞ্চায়তৰ সভানেত্ৰী পাৰুল বৰুৱা আৰু শিক্ষক পল্লৱ বৰুৱাৰ জ্যেষ্ঠ কন্যা জাৰ্নেলিকা ।‌ জাৰ্নেলিকাৰ এই সফলতাৰ খবৰ ৰাজহুৱা হোৱাৰ পাছতে তেওঁৰ গৃহত শুভাকাংক্ষীসকল উপস্থিত হৈ তেওঁক সম্বৰ্ধনা জনাইছে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.