বঙাইগাঁৱত শতাধিক কংগ্ৰেছ কৰ্মীৰ অসম গণ পৰিষদত যোগদান

By

Published : Sep 8, 2022, 10:17 PM IST

thumbnail
জেষ্ঠ ভাতৃ কংগ্ৰেছৰ বিধায়ক ৷ কনিষ্ঠ ভাতৃয়ে যোগ দিছে অসম গণ পৰিষদ দলত ৷ আজি বঙাইগাঁও জিলাৰ মাণিকপুৰ অৰ্ধ সাপ্তাহিক বজাৰ গৃহত অনুষ্ঠিত হয় অসম গণ পৰিষদ দলত বৃহৎ যোগদান কাৰ্যসূচী (Hundreds of Congress workers join AGP) ৷ বৰ্তমানৰ স্থানীয় বিধায়ক আব্দুল বাতিন খন্দকাৰৰ কাম-কাজত ক্ষুন্ন হৈ মাণিকপুৰ ব্লক কংগ্ৰেছৰ প্ৰাক্তন সভাপতি তথা সম্পাদক, জিলা পৰ্যায়ৰ শীৰ্ষ নেতাকে ধৰি প্ৰায় শতাধিক কংগ্ৰেছ কৰ্মীয়ে ৩৪ নং উত্তৰ অভয়াপুৰী সমষ্টিৰ বিধায়ক আব্দুল বাতিন খন্দকাৰৰ ভাতৃ আনোৱাৰ হুচেইন খণ্ডকাৰৰ নেতৃত্বত আনুষ্ঠানিকভাৱে যোগদান কৰে অসম গণ পৰিষদ দলত । এই যোগদান কাৰ্যসূচীত অগপৰ জেষ্ঠ নেতা তথা প্ৰাক্তন যোগান মন্ত্ৰী তথা অসম বিধানসভাৰ প্ৰাক্তন অধ্যক্ষ ফনীভূষণ চৌধৰী, প্ৰাক্তন বিধায়ক ভূপেন ৰায়, উত্তৰ অভয়াপুৰী বিধান পৰিষদৰ বিষয়ববীয়াসকলৰ উপৰিও বহুসংখ্যক দলীয় নেতাকৰ্মী উপস্থিত থাকে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.