ক’ভিড আক্ৰান্ত শিক্ষাৰ্থীক লৈ টীয়কত উত্তেজনা - ক’ভিড আক্ৰান্ত শিক্ষাৰ্থী
🎬 Watch Now: Feature Video
দীৰ্ঘদিন ক’ভিডৰ সংহাৰী ৰূপৰ পৰা পৰিত্ৰাণ পাবলৈ দেশৰ লগতে ৰাজ্যৰ সকলো শিক্ষানুস্থান সমূহ বন্ধ হৈ আছিল যাৰ বাবে বহু ক্ষেত্ৰত ছাত্ৰ-ছাত্ৰী সকল বিভিন্ন অসুবিধাতো পৰিছিল । সেয়ে ৰাজ্য চৰকাৰে নানা নীতি নিৰ্দেশনা জাৰি কৰি ক’ভিডৰ সংক্ৰমণ ক্ৰমাৎ নিয়ন্ত্ৰণলৈ আনি ছাত্ৰ ছাত্ৰী সকলৰ ভৱিষ্যতৰ প্ৰতি লক্ষ্য ৰাখি চূড়ান্ত বৰ্ষৰ পাঠদানৰ ব্যৱস্থা আৰম্ভ কৰিছিল । এই পদক্ষেপ শিক্ষক ছাত্ৰ-ছাত্ৰী তথা অভিভাৱক সকলোৰে বাবে অতি আদৰণীয় আছিল যদিও এতিয়া কেতবোৰ নতুন অসুবিধাই পুনৰ শংকিত কৰি তুলিছে সকলোকে । যোৱা ২ অক্টোবৰত টীয়কৰ কাকজানৰ জৱাহৰলাল নেহৰু উচ্চ মাধ্যমিক বিদ্যালয়ৰ নৱম শ্ৰেণীৰ এগৰাকী ছাত্ৰীৰ দেহত ক’ভিডৰ অৱস্থিতি ধৰা পৰাৰ পাছত স্বাস্থ্য বিভাগে সমগ্ৰ বিষয়টোকলৈ গ্ৰহণ কৰা ভূমিকাত শংকিত হৈ পৰিছে শিক্ষক সকলৰ লগতে ছাত্ৰ-ছাত্ৰী কিম্বা অভিভাৱকসকল । সবিশেষ চাওঁ আহক ৷