ব্ৰহ্মপুত্ৰত গা ধুবলৈ গৈ সন্ধানহীন কিশোৰী

By

Published : Aug 20, 2022, 6:28 PM IST

thumbnail
শিৱসাগৰৰ দিখৌমুখত অঘটন। ব্ৰহ্মপুত্ৰত পুত্ৰত গা ধুবলৈ গৈ সন্ধানহীন হৈছে মনজিতা দলে নামৰ এগৰাকী কিশোৰী (Girl missing while bathing in Brahmaputra)। ২ নং আলিমুৰ মিছিং গাঁৱত সংঘটিত হৈছে এই ঘটনা। কিশোৰীগৰাকীৰ সন্ধানত স্থানীয় লোকে ব্ৰক্ষ্মপুত্ৰত নাও লৈ অভিযান চলাইছে যদিও কোনো সম্ভেদ পোৱা নাই । ইতিমধ্যে গৌৰীসাগৰ আৰক্ষী, এচ ডি আৰ এফ আৰু এন ডি আৰ এফৰ লোক ঘটনাস্থলীত উপস্থিত হৈ অনুসন্ধান আৰম্ভ কৰিছে যদিও বাতৰি লিখা পৰলৈকে কিশোৰীগৰাকীৰ কোনো সন্ধান পোৱা নাই । আনহাতে এই ঘটনাৰ পিছতেই অঞ্চলজুৰি বিৰাজ কৰিছে তীব্ৰ চাঞ্চল্যই ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.