thumbnail

By

Published : Mar 19, 2021, 7:44 AM IST

ETV Bharat / Videos

অভিজিত হাজৰিকাৰ হৈ নিৰ্বাচনী প্রচাৰ চলালে গৌৰৱ গগৈ

প্রথম পৰ্যায়ৰ নিৰ্বাচনী প্রচাৰৰ অংশ হিচাপে বৃহস্পতিবাৰে ৭৪ নং ৰঙাপৰা বিধানসভা সমষ্টিৰ ৰঙাপৰা নগৰৰ ইউনিয়ন হলৰ খেল বাকৰিত কলিয়াবৰৰ সাংসদ গৌৰৱ গগৈ উপস্থিত হৈ মহাজোঁটৰ প্রাৰ্থী অভিজিত হাজৰিকাৰ হৈ নিৰ্বাচনী প্রচাৰ চলায় । সভাত উপস্থিত হৈ গৌৰৱ গগৈয়ে কয়, বিজেপিৰ শাসনকালত নিবনুৱা সমস্যা, মুল্যবৃদ্ধি, মিলাপ্রীতিৰ অভাৱ আমি দেখিবলৈ পাইছো । সেয়েহে এইবাৰ কংগ্রেছৰ চৰকাৰ গঠন হ'লে কংগ্রেছৰ পাঁচটা গেৰান্টি লৈ আহিব ৷ য'ত থাকিব চৰকাৰী চাকৰি, শ্রমিকৰ মজুৰী, মহিলাৰ সৱলীকৰন, বিনামুলীয়া ২০০ ইউনিট বিদ্যুৎ ৷ বিজেপি দলক ক্ষুৰধাৰ সমালোচনা কৰি সাংসদ গৰাকীয়ে কয় যে 'কা' আইন কংগ্রেছৰ চৰকাৰ হলে বাতিল কৰিব । বৰ্তমান হিমন্ত বিশ্ব শৰ্মাই জনপ্ৰিয়তা হেৰুৱাই পেলাইছে সেয়েহে আবোল-তাবোল বলকি আছে বুলিও কটাক্ষ কৰে ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.