First Monday of Sawan Month Today: অগণন ভক্তৰ ভিৰ নাগশংকৰ দেৱালয়ত - শিৱ মন্দিৰত ভগৱান ভোলানাথক স্মৰণ
🎬 Watch Now: Feature Video

শাওণ মানেই মহাদেৱ শিৱৰ বন্দনা ৷ শাওণ মানেই কেৱল ভগৱান শিৱৰ আৰাধনা ৷ আজি পবিত্ৰ শাওণ মাহৰ প্ৰথমটো সোমবাৰ (First Monday of Sawan Month Today) । সেই হেতুকে সমগ্ৰ দেশৰ লগতে ৰাজ্যৰ ভিন্ন শিৱ মন্দিৰসমূহতো দেখা গৈছে ভক্ত লানি নিচিগা সোঁত ৷ সকলোৱে কৰিছে দেৱাদি দেৱ মহাদেৱৰ পূজা-অৰ্চনা । ৰাজ্যৰ ভিন্ন প্ৰান্তৰ শিৱ মন্দিৰৰ লেখিয়াকৈ অগণন ভক্তই ভিৰ কৰা পৰিলক্ষিত হৈছে জামুগুৰিহাটৰ নিকটৱৰ্তী ঐতিহ্যমণ্ডিত নাগশংকৰ দেৱালয়তো (Shiva puja at Nagsankar Temple)৷ প্ৰতি বছৰৰ দৰে এই বছৰো অধিক উৎসাহেৰে শিৱভক্তসকলে শিৱ মন্দিৰত ভগৱান ভোলানাথক স্মৰণ কৰি পূজা অৰ্চনাৰ কৰা দেখা গৈছে ।