নলবাৰীৰ গোপালথান পলিটেকনিক ইনষ্টিটিউটত বিকল ইভিএম

By

Published : Apr 1, 2021, 7:10 PM IST

thumbnail
৫৯ নং নলবাৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত গোপালথান পলিটেকনিক ইনষ্টিটিউটত বিয়লিৰ ভাগত ইভিএম বিকল হৈ পৰে ৷ ইভিএম বিকল হোৱাৰ পাচতে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে জিলাখনত । কাৰণ ইভিএম বিকল হোৱাৰ এঘন্টালৈ কোনো ব্যৱস্থা নকৰাত অঞ্চলটোৰ ভোটাৰ ৰাইজ ৰৈ থাকিবলগীয়া হয় । এই সন্দৰ্ভত নিৰ্বাচনী বিষয়াক জনোৱাৰ এঘন্টা পিছতো ইভিএম গৈ নোপোৱাত ক্ষোভিত হৈ পৰে ভোটাৰসকল ৷ অৱশ্যে ভোটাৰ সকলক ভোটদানৰ বাবে অতিৰিক্ত সময় দিয়াৰো আশ্বাস প্ৰদান কৰে দায়িত্বত থকা নিৰ্বাচনী বিষয়াই ।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.