thumbnail

বহিঃৰাজ্যৰ চালক-হেণ্ডিমেনক সহায়ৰ হাত আছুৰ

By

Published : May 27, 2021, 9:17 PM IST

কেৰেলাৰ পৰা শ্ৰমিকসকলক লৈ অহা 536 খন যাত্ৰীবাহী বাছ বিগত এমাহ ধৰি অসমত আৱদ্ধ হৈ থকা আৰু লকডাউনৰ বাবে খাদ্য সংকটত পৰা চালক-হেণ্ডিমেনসকলৰ বাতৰি ইটিভি ভাৰতযোগে সম্প্ৰচাৰ হৈছিল । ইয়াৰ পাচতে বহিঃৰাজ্যৰ চালক-হেণ্ডিমেনসকলক সহায় কৰিবলৈ আগবাঢ়ি আহিল ৰঙিয়া আছু । কেৰালাৰ পৰা আহি ৰঙিয়াত আৱদ্ধ হৈ থকা 8 খন বাছৰ চালক-হেণ্ডিমেনসকলক সহায়ৰ হাত আগবঢ়ালে ছাত্ৰ সন্থাই । আছুৰ বিষয়ববীয়াসকলে অত্যাৱশ্যকীয় সামগ্ৰীৰ লগতে শাক-পাচলিসমূহ বিতৰণ কৰি কিছু পৰিমাণে সকাহ দিয়ে চালকসকলক । কেৰেলাত কাম কৰা অসমৰ প্ৰায় 12 হাজাৰ যুৱক-যুৱতীক বিধানসভা নিৰ্বাচন আৰু ঈদৰ পূৰ্বে অসমলৈ অনা হৈছিল এই বাছেৰে । তেতিয়াৰে পৰা অসমত আৱদ্ধ হৈ আছে বহিঃৰাজ্যৰ প্ৰায় এহেজাৰ চালক-হেণ্ডিমেন । এমাহে আৱদ্ধ হৈ থকা চালক-হেণ্ডিমেনসকলক কেৰেলালৈ উভতাই নিয়াৰ ক্ষেত্ৰত চৰকাৰক সহায় কৰিবলৈ আহ্বান জনাইছে আছু আৰু বহিঃৰাজ্যৰ চালক-হেণ্ডিমেনসকলে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.