Elephant Menace in Dibrugarh: ডিব্ৰুগড়ৰ মধুপুৰত বনৰীয়া হাতীৰ উপদ্ৰৱ - Wild Elephant roaming in Dibrugrah
🎬 Watch Now: Feature Video
ডিব্ৰুগড়ৰ মধুপুৰ গৰুধৰীয়াত বনৰীয়া হাতীয়ে চলালে উপদ্ৰৱ (Elephant Menace in Dibrugarh) ৷ গাঁৱৰ ৰাইজৰ ঘৰ তচনচ কৰাৰ লগতে ভঁৰাল ভাঙি শস্য খালে হাতীয়ে ৷ গৰুধৰীয়া পাত্ৰ গাঁৱত বৃহস্পতিবাৰৰ নিশা চলিল বন্যহস্তীৰ এই তাণ্ডৱ (Wild Elephant roaming in Dibrugrah) ৷ দুটাকৈ বাসগৃহত আক্ৰমণ কৰাৰ লগতে তহিলং কৰিলে কৃষিপথাৰ । গৰুধৰীয়া পাত্ৰ গাঁৱৰ প্ৰভাত দোলাকাষৰীয়া আৰু দীপেন পাত্ৰৰ বাসগৃহত বন্যহস্তীয়ে চলোৱা তাণ্ডৱৰ ফলত সম্পূৰ্ণৰূপে ক্ষতিগ্ৰস্ত হৈ পৰে দুয়োটা পৰিয়াল । বন্যহস্তীৰ দলটোৱে ভঁৰাল ভাঙি ধান খোৱাৰ উপৰিও প্ৰভাত দোলাকাষৰীয়া নামৰ ব্যক্তি জনৰ পাকঘৰ ভাঙি থৈ যায় । অঞ্চলটোৰ ৰাইজে বন বিভাগক বাৰম্বাৰ এই বিষয়ে জনোৱাৰ পাছতো আজি পৰ্যন্ত বনৰীয়া হাতীৰ উপদ্ৰৱৰ পৰা ৰাইজক ৰক্ষা কৰাৰ বাবে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাত ৰাইজে ক্ষোভ উজাৰি অতি শীঘ্ৰে ব্যৱস্থা হাতত ল'বলৈ দাবী জনাইছে ।