নাৰী অপহৰণৰ অভিযোগত আটক ই ৰিক্সা চালকক - বৰপেটা চহৰত বিয়পিছে নাৰী অপহৰণকাৰী

🎬 Watch Now: Feature Video

thumbnail

By

Published : Aug 28, 2022, 9:32 PM IST

সত্ৰনগৰী বৰপেটাত ভয়াৱহ ঘটনা ৷ ই-ৰিক্সা চালকৰ বেশত সত্ৰনগৰী বৰপেটা চহৰত বিয়পিছে নাৰী অপহৰণকাৰী (Tense situation in Barpeta) ৷ এই অভিযোগ বৰপেটাবাসীৰ ৷ অভিযোগ অনুসৰি, শনিবাৰে কলেজৰ পৰা ঘৰলৈ আহি থকা পথতে বৰপেটা চহৰৰ পৰা এগৰাকী কলেজীয়া ছাত্ৰীক অপহৰণৰ চেষ্টা চলাইছিল এজন ই-ৰিক্সা চালকে (E rickshaw driver detain for allegedly abducting woman in Barpeta)৷ অপহৰণকাৰীৰ কৱলৰ পৰা উদ্ধাৰ হোৱা ছাত্ৰীগৰাকী বৰপেটা চহৰৰ এখন মহাবিদ্যালয়ত অধ্যয়ন কৰি আছে ৷ অৱশ্যে স্থানীয় ৰাইজৰ তৎপৰতাত উদ্ধাৰ কৰা হয় ছাত্ৰীগৰাকীক ৷ পৰৱৰ্তী সময়ত স্থানীয় ৰাইজে খবৰ দিয়ে আৰক্ষীক ৷ খবৰ পোৱাৰ মাত্ৰে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ আটক কৰে অভিযুক্ত ই-ৰিক্সাৰ চালকজনক (kidnapper in Barpeta) ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.