thumbnail

এইবাৰ গহপুৰত আটক মহিলা ড্ৰাগছ মাফিয়া

By

Published : May 27, 2021, 10:31 PM IST

বিশ্বনাথ জিলাৰ গহপুৰত বৃহস্পতিবাৰে পুৱতি নিশা আটক হৈছে 15 জনকৈ ড্ৰাগছ সৰবৰাহকাৰী । ইয়াৰে ভিতৰত 4 গৰাকী মহিলা ড্ৰাগছ সৰবৰাহকাৰী বুলি জানিব পৰা গৈছে । গহপুৰ মহকুমা আৰক্ষী বিষয়া শোভলক্ষ্মী দত্তৰ নেতৃত্বত গহপুৰ আৰক্ষী থানাৰ আৰক্ষী বিষয়া প্ৰশান্ত বেজবৰুৱা আৰু হাৱাজান আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়া নৃপেন শইকীয়াৰ সহযোগত এক গোপন সূত্ৰৰ পম খেদি আলুপাৰা, লখিমপুৰ, ভোগপুৰ, নয়া ঘগৰা, অৰুণাচল চিম্পু আদি অঞ্চলত অভিযান চলাই আটক কৰা হয় ড্ৰাগছ সৰবৰাহকাৰী কেইজনক । অভিযান কালত ড্ৰাগছ সৰবৰাহকাৰীৰ সৈতে দলটোৰ পৰা 4 খনকৈ বিলাসী গাড়ী, দুখন বাইক, দুখন স্কুটী, 50.41 গ্ৰাম ড্ৰাগছ খালি কণ্টেইনাৰ, নগদ ধন 1 লাখ 29 হাজাৰ 468 টকা আৰু 14 টা ম’বাইল ফোন উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে আৰক্ষীয়ে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.