Heroin seized at Diphu: ডিলাইত হেৰ’ইনসহ সৰবৰাহকাৰী আটক - অসম নাগালেণ্ড সীমান্তত হেৰ’ইন জব্দ

🎬 Watch Now: Feature Video

thumbnail

By

Published : Jul 24, 2022, 9:57 PM IST

কাৰ্বি আংলং জিলাৰ অসম নাগালেণ্ড সীমান্তৰ ডিলাইত পুনৰ আৰক্ষীৰ জালত পৰিছে বৰবিহ সদৃশ নিচাযুক্ত ড্ৰাগছসহ এটা সৰবৰাহকাৰী ৷ দেওবাৰে পুৱাৰ ভাগত এক গোপন খবৰৰ ভিত্তিত ডিলাই থানাৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া লুৎফুৰ ৰহমানৰ নেতৃত্বত উপ-পৰিদৰ্শক আকাশ গগৈ, সহকাৰী উপ-পৰিদৰ্শক জিতেন গগৈ, বোকাজানৰ চি ২০ চি আৰপিএফৰ এটা দলে এখন চাৰিচকীয়া বাহনত তালাচী চলাই ১৯ টা চাবোনৰ বাকচত ২৪১.০৬ গ্ৰাম সন্দেহযুক্ত হেৰ’ইন উদ্ধাৰ কৰে (Heroin seized at Diphu) ৷ লগতে এটা ড্ৰাগছ সৰবৰাহকাৰীক আটক কৰে (Drugs peddler arrested at Diphu) ৷ আটকাধীন লোকজন উত্তৰ বৰবিল নতুন বজাৰৰ ৰবিন্দ্ৰ দাস বুলি জানিব পৰা গৈছে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.