সংগীত শিল্পী বিজয় লক্ষ্মী দাসক সুঁৱৰি কলাক্ষেত্ৰত আয়োজন স্মৃতিধাৰাৰ স্মৃতিচাৰণ অনুষ্ঠান - সংগীত শিল্পী ড৹ বিজয় লক্ষ্মী দাসক সুঁৱৰি
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-16363446-thumbnail-3x2-ghy.jpg)
সামাজিক-সাংস্কৃতিক অনুষ্ঠান ‘স্মৃতিধাৰা’ৰ উদ্যোগত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ মাধৱদেৱ আন্তৰ্জাতিক প্ৰেক্ষাগৃহত মঙলবাৰে সংগীত শিল্পী ড৹ বিজয় লক্ষ্মী দাসক সুঁৱৰি এক স্মৃতিচাৰণ অনুষ্ঠানৰ আয়োজন কৰা হয় ৷ প্ৰয়াত সংগীত শিল্পী বিজয় লক্ষ্মীৰ ওপজা দিনৰ লগত সংগতি ৰাখি আয়োজন কৰা অনুষ্ঠানত কণ্ঠ শিল্পী প্ৰয়াত ভিতালী দাস, সংগীত শিল্পী তথা স্মৃতি ধাৰাৰ সভাপতি প্ৰয়াত ড৹ প্ৰবীণ চন্দ্ৰ দাসক শ্ৰদ্ধাৰে স্মৰণ কৰে । প্ৰয়াত শিল্পী কেইগৰাকীৰ প্ৰতিচ্ছবিৰ সন্মুখত বন্তি প্ৰজ্জলন কৰি আৰম্ভ কৰা অনুষ্ঠানটোত কেইবাগৰাকী নবীন-প্ৰবীণ সংগীত শিল্পীয়ে গীত পৰিৱেশন কৰে । গীত-মাতৰ জীপাল অনুষ্ঠানটোত প্ৰয়াত শিল্পী বিজয়লক্ষ্মীৰ কণ্ঠৰে নিগৰোৱা ‘বন্ধু’ নামৰ এটি গীত মুকলি কৰা হয় (Cultural program held at Kolakhetra in Guwahati)। মুকলি কৰে অসমীয়া ছবি জগতৰ জনপ্ৰিয় অভিনেতা ৰবি শৰ্মাই । অনুষ্ঠানত বিশিষ্ট সংগীত পৰিচালক জে পি দাস, বিশিষ্ট ভায়লিন বাদক মনোজ বৰুৱা, তেজপুৰ সমষ্টিৰ বিধায়ক তথা শিল্পী পৃথ্বীৰাজ ৰাভা, পূৰবী শৰ্মা বাদ্যযন্ত্ৰ শিল্পী কমল কটকী আদিকে ধৰি সাংস্কৃতিক জগতৰ বহু গণ্য মান্য ব্যক্তি উপস্থিত থাকে ।