উপ-নিৰ্বাচন : থাওৰাত সুশান্ত বৰগোঁহাইৰ বিৰুদ্ধে অধিবক্তা কৃষ্ণ গগৈ - সুশান্ত বৰগোঁহাই
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-13089060-thumbnail-3x2-moran.jpg)
উপ-নিৰ্বাচনক লৈ তৎপৰ হৈ উঠিছে ৰাজ্যৰ ৰাজনৈতিক দল ৷ উপ-নিৰ্বাচনৰ প্ৰতি লক্ষ্য ৰাখি থাওৰা সমষ্টিত শাসক দল বিজেপিৰ এক ডজন মন্ত্ৰী-সাংসদ-বিধায়কে গিজগিজাই থকাৰ লগতে কংগ্ৰেছ দলৰ মহাৰথীৰ সঘন ভুমুকি আৰু ৰাইজৰ দলৰ সভাপতি-বিধায়ক অখিল গগৈৰ সক্ৰিয়তাৰ মাজতে বুধবাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা কৃষ্ণ গগৈয়ে ভাৰতীয় কমিউনিষ্ট পাৰ্টি ( Communist Party of India)ৰ হৈ প্ৰাৰ্থীত্ব দিয়া হ'ব বুলি ঘোষণা কৰে ৷ ৫ মাহ পূৰ্বে মহাজোঁটৰ অংশীদাৰ চিপিআই দল আৰু তেওঁ নিজে সুশান্ত বৰগোহাঁইৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলোৱাৰ কথা উল্লেখ কৰি অধিবক্তা কৃষ্ণ গগৈয়ে কয় যে, সমষ্টিবাসীক বিশ্বাসঘাটকতা কৰাৰ বাবেই অকলে ভোটাৰ ৰাইজৰ কাষলৈ যাবলৈ ভয় হৈছে সুশান্ত বৰগোঁহাইৰ ৷ সেয়ে মন্ত্ৰী-সাংসদৰ সৈতে নিৰাপত্তা বেষ্টনীৰ মাজত আধাৰশিলা কৰি ফুৰিছে বুলি অধিবক্তা গগৈয়ে মন্তব্য কৰে ৷ অখিল গগৈ আৰু ধৈৰ্য কোঁৱৰক শুভেচ্ছা জনাই কৃষ্ণ গগৈয়ে কয় যে, তেওঁলোকৰ সৈতে বন্ধুত্বমূলক সম্পৰ্ক থাকিলেও চিপিআই দলৰ সদস্য হিচাপে তেওঁ দলীয় নিৰ্দেশ পালন কৰিবই লাগিব ৷