thumbnail

খাৰুপেটীয়াৰ ব্যৱসায়ীসকলৰ মাজত ক'ভিড পৰীক্ষা আৰম্ভ

By

Published : May 31, 2021, 6:21 AM IST

সমগ্ৰ ৰাজ্যৰ লগতে দৰং জিলাতো বৃদ্ধি পাইছে কৰ'ণা আক্ৰান্তৰ সংখ্যা ৷ সমগ্ৰ পৃথিৱীতে আতংকৰ সৃষ্টি কৰা কৰ'ণা মহামাৰীৰ দ্বিতীয়টো ঢৌৰ সংক্ৰমণ প্ৰতিৰোধ কৰাৰ বাবে চৰকাৰৰ লগতে জিলা প্ৰশাসনেও গ্ৰহণ কৰিছে বিভিন্ন সতৰ্কতা মূলক ব্যৱস্থা ৷ তাৰে অংশ হিচাপে দৰং চহৰৰ ঠায়ে ঠায়ে ছেনিটাইজেশ্বন কৰাৰ লগতে গণ সংক্ৰমন ৰোধ কৰাৰ লক্ষ্যেৰে শনিবাৰে খাৰুপেটীয়া শৈলবালা হাই স্কুলত খাৰুপেটীয়া পৌৰ সভাৰ এলেকাধীন ব্যৱসায়ী সকলৰ মাজত ক'ভিড পৰীক্ষা আৰম্ভ কৰা হয় ৷ ঈদৰ প্ৰাকক্ষণত দোকান-পোহাৰ সমূহত অত্যাধিক ভিৰ হোৱা দেখা গৈছিল ৷ সেয়েহে ব্যৱসায়ী সকলৰ দেহত ক'ভিডৰ সংক্ৰমণৰ আশংকা কৰি এই ব্যৱস্থা গ্ৰহণ কৰা হৈছে বুলি দৰং জিলাৰ উপায়ুক্ত দিলিপ কুমাৰ বৰাই জানিবলৈ দিয়ে।

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.