Congress visit Patharkandi: উচ্ছেদিতৰ বুজ ল'বলৈ যাওঁতে কংগ্ৰেছক আৰক্ষীৰ বাধা - Congress team visit Patharkandi
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-15872950-43-15872950-1658302024380.jpg)
ৰকিবুল হুছেইন আৰু কমলাক্ষৰ দে পুৰকায়স্থৰ নেতৃত্বত ইচাবিল চাহ বাগিচাৰ উচ্ছেদিত ঠাইত বুজ ল'বলৈ যোৱা কংগ্ৰেছৰ প্ৰতিনিধি দলটোক মঙলবাৰে নিশা কৰিমগঞ্জ আৰক্ষীয়ে বাধা প্ৰদান কৰে(Congress team visit Patharkandi)। উল্লেখ্য় যে কৰিমগঞ্জ জিলাৰ পাথাৰকান্দি বিধানসভাৰ ইচাবিল চাহ বাগিচাৰ উচ্ছেদ কৰা লোকসকলৰ বুজ ল'বলৈ দলটো উপস্থিত হোৱাৰ সময়তেই বাজাৰিছড়া থানা এলেকাত বাধা প্ৰদান কৰা হয় | উক্ত এলেকাত ১৪৪ ধাৰা বলবৎ থকা বাবেই আৰক্ষীয়ে দলটোক বাধা দিয়ে । অৱশ্য়ে আৰক্ষীৰ সৈতে দীৰ্ঘ বাক-বিতণ্ডাৰ পাছত কেৱল ১২ গৰাকীক উচ্ছেদিত ঠাইলৈ যাবলৈ অনুমতি দিয়ে ।