উদণ্ড ছাত্ৰৰ প্ৰহাৰত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত নৱম শ্ৰেণীৰ ছাত্ৰ - উদণ্ড ছাত্ৰৰ প্ৰহাৰ

🎬 Watch Now: Feature Video

thumbnail

By

Published : Sep 14, 2022, 9:46 PM IST

বুধবাৰে বৰহোলা চিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ত সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতি (Tense situation at Borholla Higher Secondary School) ৷ বৰহোলা চিনিয়ৰ ছেকেণ্ডাৰী বিদ্যালয়ৰ উদণ্ড ছাত্ৰৰ প্ৰহাৰত গুৰুতৰভাৱে আহত হৈছে নৱম শ্ৰেণীৰ ছাত্ৰ দীপ তুৰি নামৰ ছাত্ৰজন ৷ সহপাঠী ছাত্ৰীৰ নম্বৰ সংগ্ৰহ কৰিবলৈ কোৱাত ছাত্ৰজন অমান্তি হৈ অধ্যক্ষক জনোৱাত কিয় অধ্যক্ষক অৱগত কৰিলি বুলি বৰহোলাৰ চাৰিআলিৰ মেজিক ষ্টেচন সমীপত ৭ জনীয়া ছাত্ৰৰ এটা দলে ছাত্ৰজনক গুৰুলাগুৰুলকৈ প্ৰহাৰ কৰে (Warm Situation at Borhola) ৷ ইফালে ঘটনা সন্দৰ্ভত ছাত্ৰজনে অধ্যক্ষক অৱগত কৰাৰ স্বত্বেও বৰ্তমানলৈকে ছাত্ৰকেইজনৰ বিৰুদ্ধে বিদ্যালয় কৰ্তৃপক্ষই কোনো ব্যৱস্থা গ্ৰহণ নকৰাত ক্ষোভিত পৰিয়ালৰ লোকে ছাত্ৰকেইজনৰ বিৰুদ্ধে বৰহোলা আৰক্ষী থানাত এজাহাৰ দাখিল কৰে ৷ সম্প্ৰতি আৰক্ষীয়ে ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2025 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.