thumbnail

By

Published : Jul 24, 2022, 8:14 AM IST

ETV Bharat / Videos

Child Drama Workshop: পুৰণিগুদামত কেন্দ্ৰীয় শিশু নাট কৰ্মশালাৰ সফল সামৰণি

অসম নাট্য সন্মিলনৰ উদ্যোগত আৰু পুৰণিগুদাম শাখাৰ ব্যৱস্থাপনাত আয়োজিত পোন্ধৰ দিনীয়া কেন্দ্ৰীয় শিশু নাট কৰ্মশালাৰ সফল সামৰণি (Child Drama Workshop held in Puranigudam) । সামৰণি অনুষ্ঠান হিচাপে শনিবাৰে নিশা ড° ভবেন্দ্ৰনাথ শইকীয়া প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় সৃষ্টি ৰজনী অনুষ্ঠান ৷ কৰ্মশালাত অংশগ্ৰহণ কৰা ৩৬ গৰাকী প্ৰশিক্ষাৰ্থীয়ে সৃষ্টি ৰজনী অনুষ্ঠানত নিজস্ব প্ৰতিভা প্ৰদৰ্শনেৰে উপস্থিত শ্ৰোতা দৰ্শকৰ মনজয় কৰিবলৈ সক্ষম হয় ৷ বন্তি প্ৰজ্বলনেৰে অনুষ্ঠানৰ শুভাৰম্ভ কৰে লাই আটি সত্ৰৰ সত্ৰাধিকাৰ তথা অসম নাট্য সন্মিলন পুৰণিগুদাম শাখাৰ প্ৰাক্তন সভাপতি যুগল চন্দ্ৰ দেৱ গোস্বামীয়ে ৷ মঞ্চ উদ্বোধন কৰে অসম নাট্য সন্মিলনৰ কেন্দ্ৰীয় সমিতিৰ উপ সভাপতি বসন্ত বৰ্মনে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.