মাজুলীত শিশু অপহৰণ কৰিবলৈ আহি ৰাইজৰ ৰোষত অপহৰণকাৰী - মাজুলীত শিশু অপহৰণ কৰিবলৈ আহি ৰাইজৰ ৰোষত অপহৰণকাৰী
🎬 Watch Now: Feature Video
![ETV Thumbnail thumbnail](https://etvbharatimages.akamaized.net/etvbharat/prod-images/320-214-16124827-thumbnail-3x2-majuli.jpg)
মাজুলীত মঙলবাৰে নিশা শিশু অপহৰণ কৰিবলৈ আহি ৰাইজৰ লপাথপা খালে অপহৰণকাৰীয়ে(Local people Caught Kidnapper in Majuli) । ৰাইজে অপৰহণকাৰীক উত্তম-মধ্যম সোধাই চমজাই দিয়ে আৰক্ষীক । মাজুলীৰ জেংৰাইমুখ থানাৰ অন্তৰ্গত উজনি চেৰাপাইত সংঘটিত হৈছে এই ঘটনা(Child Kidnapped in Majuli) । নিশা শোৱাপাটিৰ পৰা ৪ বছৰীয়া কন্যা শিশুটিক কোলাত লৈ অপহৰণকাৰীটো দৰ্জামুখ পাওতেই প্ৰত্যক্ষ কৰে মাতৃয়ে । মাতৃয়ে চিঞৰ বাখৰ কৰাত গাঁৱৰ ৰাইজে আহি ধৰে শিশু অপহৰনকাৰীটোক । অচিনাক্ত লোকজনে নিজকে বাবু আলি বুলি চিনাকী দিয়ে যদিও তেওঁৰ লগত নাই কোনো নথি পত্ৰ । আনহাতে তাৰ লগত অহা আন তিনিটা শিশু অপহণকাৰী গাড়ীসহ পলাই যাবলৈ সক্ষম হয় ।